চুৰি বাইকসহ এজন গ্ৰেপ্তাৰ
নিউজ ডেস্ক ৰিপোৰ্ট, জনসেৱা লাইভ :দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই গৰৈমাৰী সত্ৰৰ পৰা ৰবিউল হুছেইন নামৰ এজন বাইক চোৰক এখন বাইকসহ নিজ বাসগৃহৰ পৰা আটক কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰ চাইকেল খনৰ নম্বৰ হ'ল এ এছ ০১ বি জে ৮২৯১ । আৰক্ষী সূত্ৰে জানিব পৰা মতে ২০১৭ চনৰ ১১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ আমবাৰী ফটাশিলৰ পৰা এই বাইক খন চুৰি হৈছিল । এই সম্পৰ্কে ফটাশিল আমবাৰী থানাৰ ৪৮/১৭ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে ৰবিউল হুছেইনক উক্ত গোচৰত যোৱা নিশা চুৰি বাইক সহ গ্ৰেপ্তাৰ কৰে।