বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
নিউজ ডেস্ক ৰিপোৰ্ট, জনসেৱা লাইভ : বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ২৯ আৰু ৩০ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। ২৯ অক্টোবৰৰ ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলনৰ পিছতে বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছত নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্ত , স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১০-৩০ বজাত উদ্বোধনী ভাষণ আগবঢ়াব। সভাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, গড়কাপ্তিনী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক অ' বি চি মৰ্চাৰ সভাপতি ৰিতুপণ ৰাইডঙীয়া, লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , স্থানীয় বিধায়ক ৰণোজ পেগু, ধেমাজি জিলাৰ প্ৰভাৰী ৰাজকুমাৰ চেতিয়াৰ লগতে ৰাজ্যিক আৰু ধেমাজি জিলাৰ বিষয়ববীয়া সকলৰ উপৰিও প্ৰতিখন জিলাৰ বিষয়ববীয়া সকল উপস্থিত থাকিব। ৩০ অক্টোবৰত শোক প্ৰস্তাৱেৰে শুভাৰম্ভ কৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰিব ধেমাজি জিলাৰ সভাপতি প্ৰেম দত্তই। সভাত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে , ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, ৰাজ্যিক সাধাৰণ সম্পাদক সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক উপ - সভাপতি পুলক গগৈ, অন্যান্য পিছপৰা শ্ৰেণীৰ ৰাজ্যিক প্ৰভাৰী তথা ৰাজ্যিক উপ -সভাপতি জয়ন্ত মল্ল বৰুৱাৰ উপৰিও অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিৰ লগতে ৰাজ্যিক আৰু জিলাৰ বিষয়ববীয়া সকল উপস্থিত থাকিব।