পথ মেৰামতিৰ দাবীত ৰাভা সংগঠনৰ স্মাৰকপত্ৰ
নিউজ ডেস্ক ৰিপোৰ্ট, জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ ছয়গাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত চণ্ডিকা দেৱালয়ৰ গেট তথা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃটিছৰ দিনৰ ঐতিহাসিক পৰ্যটনস্থলী কুলশী চেগুন ঐতিহ্যক্ষেত্ৰলৈ যোৱা প্ৰায় ১২ কিলমিটাৰ গড়কাপ্তানী পথটি শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাই ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ গড়কাপ্তানী মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰত অভিযোগ কৰা মতে, উক্ত গড়কাপ্তানী পথটি বহু বছৰ আগতে পকীকৰণ হৈছিল যদিও মেৰামতি নোহোৱা হেতুকে পথটিৰ অৱস্থা অতি শোচনীয় হোৱা বাবে বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে পৰ্যটক সকল জীয়াতু ভুগিব লগা হৈছে । ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীতেন ৰাভা, সাধাৰণ সম্পাদক অৰবিন্দ ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী সুজাতা ৰাভা দলৈ, সাধাৰণ সম্পাদিকা মীৰা ৰাভা, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি অতুল ৰাভা, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰাভা দলৈ আৰু ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ ৰাভা আৰু সাধাৰণ সম্পাদক নিৰঞ্জন ৰাভা স্বাক্ষৰিত স্মাৰক পত্ৰ যোগে উক্ত পথটি অতি শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠন কেইটাই গড়কাপ্তানী মন্ত্রী গৰাকীক দাবী জনাইছে ।