কামৰূপত ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মবাৰ্ষিকী উদযাপন
কামৰূপ, আমিনগাঁও ৬ জুলাইঃ দেশৰ একতা আৰু অখণ্ডতাৰ বাবে আত্মবলিদান দিয়া মহান নেতা ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ তম জন্মবাৰ্ষিকী উপলক্ষে আজি এক অনুষ্ঠান কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা কাৰ্যালয়ত অনুষ্ঠিত হয়। অনুষ্ঠানত কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে উপস্থিত সকলোৱে মহান নেতাগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে শিক্ষাবিদ তথা লেখক ৰজত চন্দ্ৰ ভৰালী। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱন আৰু তেখেতৰ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত বক্তব্য ৰাখে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে গৰ্গমোহন দাস, কমল বৰুৱা, প্ৰিয়াংশু ভৰদ্বাজো উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংহত জিলা কাৰ্যালয় চৌহদতে এক বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ন কৰা হয়।