কামৰূপ জিলাত অংগনবাড়ী কৰ্মীলৈ স্মাৰ্টফোন বিতৰণ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
কামৰূপ, আমিনগাঁও , ১৯ জুনঃ ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত গুৱাহাটী বায়’টেক পাৰ্কত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ অংগনবাড়ী কৰ্মীসকলক আনুষ্ঠানিকভাৱে স্মাৰ্টফোন প্ৰদান কৰে। উল্লেখ্য যে কামৰূপ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত আজিৰ অনুষ্ঠানটোত জিলাখনৰ মুঠ ৩১১৭ টা অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীলৈ পোষণ অভিযানৰ অধীনত এই স্মাৰ্টফোন প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে সমাজৰ ভৱিষ্যত শিশুসকলৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ যতন লোৱাৰ ক্ষেত্ৰত অংগণবাড়ী কৰ্মীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এটা শিশুৱে মাতৃগৰ্ভত থকাৰ সময়ৰ পৰাই শিশুটিৰ লগতে মাতৃগৰাকীৰ পৰিপুষ্টি আৰু সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত অংগণবাড়ী কৰ্মীসকলে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে তেওঁলোক কৃতজ্ঞতাৰ পাত্ৰ। আজি পোষণ অভিযানৰ অধীনত লাভ কৰা স্মাৰ্টফোনৰ জৰিয়তে অংগণবাড়ী কৰ্মীসকলে শিশুৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ বিকাশ, শিশুৰ টীকাকৰণ আদি দিশসমূহ সঠিকভাৱে নিৰীক্ষণ কৰিব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়েও বক্তব্য ৰাখে। সাংসদগৰাকীয়ে শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা অংগণবাড়ী কৰ্মীসকলে এই স্মাৰ্টফোনৰ জৰিয়তে পোষণ অভিযানৰ মোবাইল এপ্লিকেচনৰ ব্যৱহাৰেৰে বাস্তৱ সময়ভিত্তিক নিৰীক্ষণৰ জৰিয়তে পূৰ্বতকৈ অধিক দক্ষতাৰে সেৱা আগবঢ়াব পাৰিব বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কামৰূপৰ জিলা সমাজ কল্যাণ বিষয়া ভূপেন ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী অঞ্জন গোস্বামী, জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল, অংগণবাড়ী কৰ্মীসকল উপস্থিত থাকে। সভাত জিলা সমাজ কল্যাণ বিষয়া ভূপেন ভট্টাচাৰ্যই আদৰণি ভাষণ প্ৰদান কৰে।