কামৰূপ জিলাত লটাৰী খেলৰ ওপৰত নিষেধাজ্ঞা
কামৰূপ, আমিনগাঁও, ১৪ নৱেম্বৰঃ কামৰূপ জিলাৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ১৩ নৱেম্বৰত এক নিৰ্দেশযোগে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বি.এন.এচ.এচ.) ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগেৰে সমগ্ৰ জিলাখনত প্ৰযোজ্য হোৱাকৈ যিকোনো প্ৰকাৰৰ অনলাইন বা অফলাইন লটাৰী, উপহাৰ কুপন প্ৰদানৰ জৰিয়তে জুৱা খেল অনুষ্ঠিত কৰা, লটাৰীৰ টিকট/উপহাৰ কুপন বিতৰণ বা ক্ৰয় কৰা, ব্যক্তি বা সংগঠনৰ দ্বাৰা যিকোনো প্ৰকাৰৰ লটাৰী সংক্ৰান্তীয় কাম-কাজ অনুষ্ঠিত কৰাৰ কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখ্য যে অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ আন আন স্থানৰ লগতে কামৰূপ জিলাত উদযাপিত হ’বলগীয়া ৰাস মহোৎসৱৰ সময়চোৱাত লটাৰীজ ৰেগুলেশ্যন এক্ট, ১৯৯৮ আৰু লটাৰীজ ৰেগুলেশ্যন ৰুলচ, ২০১০ৰ উলংঘনৰে কামৰূপ জিলাত বিভিন্ন সংগঠন বা ব্যক্তিৰ উদ্যোগত অনলাইন বা অফলাইন লটাৰী, উপহাৰ কুপনৰ জৰিয়তে জুৱা অনুষ্ঠিত কৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ২৯/২০২৪ ত লটাৰীজ (ৰেগুলেশ্যন) এক্ট, ১৯৯৮ আৰু লটাৰীজ (ৰেগুলেশ্যন) ৰুলচ, ২০১০ৰ প্ৰসংগ উল্লেখ কৰি চলিত বৰ্ষৰ ৩ অক্টোবৰত কেৱল ৰাজ্য চৰকাৰেহে কেতবোৰ নিৰ্দিষ্ট চৰ্তসাপেক্ষে লটাৰী অনুষ্ঠিত কৰিব পাৰে আৰু ৰাজ্য চৰকাৰক অন্য কোনো ব্যক্তি বা সংগঠনক অনলাইন বা অফলাইন লটাৰী অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান নকৰিবলৈ নিৰ্দেশ দি জাৰি কৰা ৰায়ৰ ভিত্তিত এই কামৰূপ জিলাৰ জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা আৰোপ কৰিছে। অবৈধ লটাৰী টিকট বা উপহাৰ কুপনৰ বিক্ৰীৰ ফলত ৰাজহুৱা শান্তি আৰু শৃংখলাত ব্যাঘাত কৰি সংঘটিত হ’ব পৰা ঘটনা প্ৰতিহত কৰাৰ বাবে এই নিৰ্দেশনাৱলী জাৰি কৰা হৈছে। এই নিৰ্দেশনাৰ উলংঘাকাৰী বিএনএছৰ ২২৩ নং ধাৰা আৰু আইনৰ অন্য কোনো প্ৰযোজ্য ধাৰা অনুসৰি দণ্ডনীয় হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে।