তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কামৰূপ নিৰ্বাচনী জিলাৰ প্ৰিজাইডিঙ আৰু প’লিঙ বিষয়া - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, May 6, 2024

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কামৰূপ নিৰ্বাচনী জিলাৰ প্ৰিজাইডিঙ আৰু প’লিঙ বিষয়া

 তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কামৰূপ নিৰ্বাচনী জিলাৰ প্ৰিজাইডিঙ আৰু প’লিঙ বিষয়া

কামৰূপ, আমিনগাঁও, ৬ মেঃ কাইলৈ অৰ্থাৎ ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন।উল্লেখ্য যে ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা  লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ নিৰ্বাচনী জিলাত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে ২৭ নং চমৰীয়া বিধানসভা সমষ্টিত  ২৪৭ টা, ২৮ নং বকো-ছয়গাঁও বিধান সভা সমষ্টিত  ২৩২ টা আৰু ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিত  ২৬২ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩০ নং হাজো-শুৱালকুছি বিধানসভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ২২৪ টা। জিলাখনৰ মুঠ ৯৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত দূৰ্গম তথা ভিতৰুৱা অঞ্চলত অৱস্থিত ১৬ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং-প'লিং বিষয়াৰ দল কালিয়েই ৰাওনা হোৱাৰ পৰিৱৰ্তে আজি অৱশিষ্ট ৯৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত বিষয়া কৰ্মচাৰীসকল আজি ই ভি এম আৰু নিৰ্বাচনৰ যাৱতীয় সা-সামগ্ৰীসহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলাখনত সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে নিয়োজিত প্ৰিজাইডিং বিষয়াৰ সংখ্যা হৈছে ৯৬৫ গৰাকী  আৰু প'লিং বিষয়াৰ সংখ্যা  হৈছে ২৮৯৫ গৰাকী। তদুপৰি প্ৰয়োজনীয় সংখ্যক বিষয়া - কৰ্মচাৰী ৰিজাৰ্ভ হিচাবে ৰখা হৈছে। উল্লেখ্য যে, জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ মুঠ ১৯ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলা প্ৰিজাইডিঙ-প’লিঙ বিষয়াৰ দ্বাৰা, ১ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল যুৱ প্ৰিজাইডিঙ-প’লিঙ বিষয়া আৰু ১ টা দিব্যাংগ প্ৰিজাইডিঙ-প’লিঙ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। জিলাখনত মুঠ ৪ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আছে।

Post Bottom Ad

Responsive Ads Here