কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, November 16, 2023

কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

 কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

আমিনগাওঁ, ১৬ নৱেম্বৰ: পৰিবৰ্তিত প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই সাংবাদিক সকলক নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ আহ্বান জনাইছে  কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে। আজি আমিনগাঁৱত কামৰূপ জিলা প্ৰশাসনৰ সহযোগত জিলা সাংবাদিক সন্থা আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি দিয়া ভাষণত তেওঁ এইদৰে কয়। আমিনগাঁৱত থকা লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বংলাত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় দুঘন্টা সময় উপস্থিত থাকি জিলা আয়ুক্ত গৰাকীয়ে সকলোৰে শেষত দিয়া নিজৰ উদ্ধোধনী ভাষণত কামৰূপ জিলাৰ সাংবাদিক সকলে গ্ৰহণ কৰি অহা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় "কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম" বিষয়ক মূল বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক -শিক্ষাবিদ তথা সাংবাদিক ড: দয়ানন্দ পাঠকে। তেওঁ নিজৰ ভাষণত সাংবাদিক সকলক সদায় সমাজৰ মঙ্গলৰ কথা চিন্তা কৰি শুদ্ধ আৰু সঠিক বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনায়। অতিৰিক্ত আয়ুক্ত কমল বৰুৱাও সমাজৰ অতন্দ্ৰ প্ৰহৰি ৰূপে অসমৰ সংবাদ মাধ্যমে অযথা হুলস্থুল আৰু বিতৰ্কৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে  কেৱল তথ্য নিৰ্ভৰ শুদ্ধ বাতৰি পৰিৱেশনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি মত প্ৰকাশ কৰে। বিশিষ্ট অতিথিৰ ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই বিভিন্ন স্তৰত প্ৰযুক্তিৰ বিকাশে  সংবাদ মাধ্যমত পেলাই অহা ব্যাপক  প্ৰভাৱৰ বিষয়ে চমু আলোচনা দাঙি ধৰি কয় যে, কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে শেহতীয়া প্ৰযুক্তিৰ আগমণেও সংবাদ মাধ্যমক অধিক সমৃদ্ধ কৰাৰ আশা আছে, যদিহে ইয়াৰ সঠিক প্ৰয়োগ হয়। প্ৰবীণ সাংবাদিক তথা শিক্ষাবিদ পৰেশ বৈশ্য‌ই কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে সংবাদ কৰ্মীৰ কৰ্মক্ষেত্ৰ সংকুচিত কৰিব আৰু যন্ত্ৰ নিৰ্ভৰশীলতা বৃদ্ধি কৰিব বুলি আশংকা প্ৰকাশ কৰে। কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই সমাজত সুস্থ পৰিবেশ সৃষ্টিত সাংবাদিক সকলে লৈ অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰে। কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণী চৰণ কলিতাই আঁতধৰা সভাখনৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে সন্থাৰ সভাপতি মধুসুদন মেধিয়ে। ইয়াৰ আগতে এটি সমবেত সংগীতো পৰিবেশন কৰা হয়। অনুষ্ঠানত জিলাখনৰ  সকলো প্ৰান্তৰ যথেষ্ট সংখ্যক  কৰ্মৰত তথা প্ৰাক্তন সাংবাদিকে অংশগ্ৰহণ কৰে।

Post Bottom Ad

Responsive Ads Here