অসম বিধানসৰ ৰাজহুৱা হিচাপ সমিতিৰ কামৰূপ জিলাৰ আঁচনি পৰিদৰ্শন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, November 7, 2023

অসম বিধানসৰ ৰাজহুৱা হিচাপ সমিতিৰ কামৰূপ জিলাৰ আঁচনি পৰিদৰ্শন

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ কামৰূপ জিলাৰ আঁচনি পৰিদৰ্শন

আমিনগাওঁ, ৭ নৱেম্বৰ: অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ দুদিনীয়া কামৰূপ জিলা ভ্ৰমণ কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ সভাপতি ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত অহা দলটোৱে মূলতঃ জনস্বাস্থ্য কাৰিকৰী, জল সম্পদ, বন আৰু পৰিবেশ, মীণ, উদ্যোগ আৰু বাণিজ্য, কৃষি, খাদ্য আৰু অসামৰিক যোগান আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা যোৱা ২০১৯-২০, ২০-২১ আৰু ২১-২২ বৰ্ষত ৰূপায়িত আঁচনি সমুহৰ চৰজমিন পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰে।   শাসক-বিৰোধীৰ ৮ জন বিধায়কৰে গঠিত দলটোৱে কালি জিলাখনৰ দক্ষিণপাৰৰ পলাশবাৰী, ছয়গাঁও আৰু বকো বিধানসভা সমষ্টি পৰিদৰ্শন কৰি আঁচনিসমূহৰ বুজ লয়। আজি পুৱাৰে পৰা ৰঙিয়া, কমলপুৰ আৰু হাজো সমষ্টি ভ্ৰমণৰ অন্তত দলটোৱে  সন্ধিয়া আমিনগাৱত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভাতো মিলিত হয়। দলটোত থকা অন্যান্য সদস্য সকল হ'ল ৰমেন্দ্ৰ নাৰায়ন কলিতা, উৎপল বৰা, মানৱ ডেকা, বসন্ত দাস, ভৱেন্দ্ৰ নাথ ভৰালী আৰু কামলাক্ষ দে পুৰকায়স্থ । বিধানসভাৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ কুমাৰ শৰ্মা প্ৰমুখ্যে একাংশ বিষয়াও ইয়াত উপস্থিত থাকে। পৰ্যালোচনা সভাত জিলা আয়ুক্ত কীৰ্তি জল্লী, জিলা উন্নয়ন আয়ুক্ত নৰসিংহ বে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি প্ৰমুখ্যে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।
 

Post Bottom Ad

Responsive Ads Here