ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত কামৰূপ জিলাৰ ৪ খন গাওঁ পঞ্চায়তে লাভ কৰিবলৈ সক্ষম হ’ল ৰাজ্যিক পৰ্য্যায়ত ৫ টা বঁটা
আমিনগাঁও, ১৯ মে : ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰণালয়ে ২০২২ বৰ্ষত ৯ টা বিষয়ক ভিত্তি কৰি সৰ্ব্বোৎকৃষ্ট গাওঁ পঞ্চায়তসমূহৰ মাজত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা - ২০২৩ প্ৰতিযোগিতাত অসমৰ ভিতৰত কামৰূপ জিলাই ৰাজ্যিক পৰ্য্যায়ত তিনিটা বিষয়ত মুঠ চাৰিখন গাওঁ পঞ্চায়তে ৫ টা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত তিনিটা বিষয়ত বঁটা লাভ কৰা পঞ্চায়তসমূহ হ’ল ক্ৰমে বেজেৰা উন্নয়ণ খণ্ডৰ অন্তৰ্গত ধোপাটাৰী গাওঁ পঞ্চায়ত। এই পঞ্চায়তখনে স্বাস্থ্যসন্মত পঞ্চায়ত শিতানত প্ৰথম আৰু মহিলা সুৰক্ষা শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰে। আনহাতে ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৈদ্যগড় গাওঁ পঞ্চায়তে স্বাস্থ্যসন্মত পঞ্চায়ত শিতানত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। তদুপৰি শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত মধ্য শুৱালকুছি গাওঁ পঞ্চায়তে স্ব-নিৰ্ভৰ আন্তঃ গাথনি সম্পন্ন পঞ্চায়ত শিতানত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। ইয়াৰ উপৰি বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ পশ্চিম বকো গাওঁ পঞ্চায়তে মহিলা সুৰক্ষা শিতানত দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটা লাভ কৰিবলৈ উক্ত গাওঁ পঞ্চায়তসমূহে তিনিটা পৰ্য্যায়ত যথাক্ৰমে আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু ৰাজ্যিক পৰ্যায়ত দেশৰ বিভিন্ন গাওঁ পঞ্চায়তসমূহৰ মাজত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগীয়া হৈছিল। এই গোটেই প্ৰক্ৰিয়াত কামৰূপ জিলাৰ উপায়ুক্ত, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সকলো খণ্ড উন্নয়ন বিষয়া আৰু জিলা পৰিষদ কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰীসকলৰ লগতে কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া -- কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়াইছিল। উল্লেখ্য যে, কামৰূপ জিলাই সৰ্ব্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম বাৰৰ বাবে ওপৰোক্ত শিতানসমূহত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।