ছয়গাঁৱত চি আই টি ইউৰ "শিক্ষামূলক সভা সম্পন্ন
'জনসেৱা লাইভ' ২০ মে' :: দক্ষিণ কামৰূপৰ ছয়গাঁৱত চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি এখনি শিক্ষামূলক সভা অনুষ্ঠিত হয়। সভাখন জিলা সভাপতি কনকলতা দাস আৰু জিলা উপ-সভাপতি হিতেশ দাসক লৈ গঠিত সঞ্চালক মণ্ডলীয়ে পৰিচালনা কৰে। সভাত 'সংগঠন আৰু সাম্প্ৰতিক আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত শ্ৰমিক শ্ৰেণীৰ কৰণীয়' শীৰ্ষক বিষয়ত আলোচনা আগবঢ়ায় চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই। নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ তেওঁ প্ৰাসঙ্গিক ভাৱে শ্ৰমজীৱীৰ দৰ্শন আৰু পুঁজিপতিৰ দৰ্শনৰ পাৰ্থক্য সকলোৰে বোধগম্য হোৱাকৈ উপস্থাপন কৰে। শ্ৰমজীৱীৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামৰ বিপৰীতে পুঁজিপতিৰ অধিকাৰ হৰণৰ কুটিল ৰাজনীতি আৰু সংগ্ৰামক বাধা প্ৰদান কৰাৰ কাৰণে শ্ৰমজীৱীৰ প্ৰতি অনুকম্পা বা দয়াৰ ৰাজনীতি সম্পৰ্কত তেওঁ সহজ-সৰল ভাষাত ব্যক্ত কৰে। সাম্প্ৰতিক আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ সুস্পষ্ট ব্যাখ্যা দাঙি ধৰি সাম্প্ৰতিক জটিল পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ শ্ৰমজীৱী মানুহৰ কৰ্তব্য আঙুলিয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে শ্ৰমজীৱী মানুহৰ মুক্তিৰ দৰ্শন হৃদয়ঙ্গম কৰি এই জৰুৰী কৰ্তব্য পালনৰ তাগিদাত আদৰ্শগত ঐক্য গঢ়ি তুলিবলৈ সংগঠনৰ প্ৰয়োজন। সভাৰ আৰম্ভণিতে চি আই টি ইউৰ জিলা উপ-সভাপতি মদন তালুকদাৰে আলোচনাৰ বিষয়বস্তু উত্থাপন কৰে।