কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আইন সেৱা মহা শিৱিৰ
কামৰূপ, আমিনগাঁও, ৬ নৱেম্বৰঃ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে বিগত ৩১ অক্টোবৰৰ পৰা অহা ১৩ নৱেম্বৰলৈ উদযাপিত হৈ থকা আইনী সজাগতা আৰু প্ৰচাৰৰ জৰিয়তে নাগৰিকৰ সবলীকৰণঃ আইনী সজাগতা প্ৰচাৰ আৰু যোগ্য হিতাধিকাৰীক আইনী সহায়তা প্ৰদানৰ জৰিয়তে অনুষ্ঠান আৰু সুবিধাৰ পৰা বঞ্চিত লোকৰ মাজৰ দূৰত্ব নিৰ্মূলকৰণ শীৰ্ষক সৰ্বভাৰতীয় অভিযানৰ লগত সংগতি ৰাখি আজি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আইন সেৱাৰ এক মহা শিৱিৰ সফলতাৰে অনুষ্ঠিত হয়। কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰী আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা আইন সেৱাৰ এই মহা শিৱিৰত জিলাখনৰ সমাজ কল্যাণ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, জিলা উন্নয়ন, শিক্ষা, খাদ্য আৰু অসামৰিক যোগান, স্বাস্থ্য, পৰিবহণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ প্ৰশমন, আৰক্ষী, আগ্নি আৰু জৰুৰীকালীন সেৱা ইত্যাদি বিভাগ সমূহৰ বিষয়া সকলে অংশ গ্ৰহণ কৰি বিভাগ সমূহৰ বিভিন্ন হিতাধিকাৰী আচঁনিৰ বিষয়ে বাখ্যা কৰাৰ উপৰি এই আচঁনি সমূহৰ সা-সুবিধা কেনেদৰে প্ৰাপ্ত কৰিব পৰা যায় সেই বিষয়ে বিস্তৃত ভাৱে আলোকপাত কৰে। তদুপৰি অনুষ্ঠানত ভাগলৈ বিশিষ্ট অধিবক্তা ক্ৰমে হাফিজুৰ ৰহমান আৰু জেহেৰুল ইছলামে বিভিন্ন ক্ষেত্ৰত কেনেদৰে বিনামূলীয়া আইনী সেৱা জনসাধাৰণে লাভ কৰিব পাৰে সেই বিষয়ে অৱগত কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই চৰকাৰী আচঁনি সমূহৰ সূবিধা লাভৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন সেই বিষয়ে অৱগত কৰাৰ দিশত এনে ধৰণৰ আইনী শিবিৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদস্য-সচিব নয়ন শঙ্কৰ বৰুৱাই বিভন্ন আইনী সেৱা লাভ কৰাৰ দিশত আইন সেৱা প্ৰাধিকাৰীয়ে লৈ অহা ভূমিকাৰ বিষয়ে সদৰি কৰে। মূলতঃ নগৰিকৰ মাজত বিনামূলীয়া আইনী সজাগতা সৃষ্টি আৰু ইয়াৰ জৰিয়তে সুবিধাৰ পৰা বঞ্চিত লোকৰ মাজৰ দূৰত্ব নিৰ্মূলকৰণৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হোৱা এই শিৱিৰত বিভিন্ন বিভাগৰ অংশগ্ৰহণেৰে এক প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। আজিৰ এই আইনী মহা শিবিৰত কামৰূপৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ডাৰাক উল্লাহ, অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক শৰ্মা, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ পিযুষ বৈৰাগী, কামৰূপৰ মূখ্য ন্যায়িক দণ্ডাধীশ মনমী শৰ্মা, জিলা আইন সেৱা প্ৰাধিকাৰী, কামৰূপৰ সচিব প্ৰণামী গোস্বামী, কামৰূপ জিলাৰ সহকাৰী আয়ুক্ত কৌস্তভ ৰায়, বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি তথা স্থানীয় জনসাধাৰণে অংশ গ্ৰহণ কৰে।