বৰটাৰীত বিশেষ স্বাস্থ্য শিবিৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, October 21, 2022

বৰটাৰীত বিশেষ স্বাস্থ্য শিবিৰ

 বৰটাৰীত বিশেষ স্বাস্থ্য শিবিৰ


দক্ষিণ কামৰূপ, ২১ অক্টোবৰ : 'স্বাস্থ্য সেৱা অভিযান'ৰ জৰিয়তে কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰটাৰী আঞ্চলিক হাইস্কুলত বিশেষ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়। ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত শিৱিৰত শিশু, প্ৰসূতি, পৰিয়াল পৰিকল্পনা, চকু, নাক কাণ ডিঙি, দাত, কেন্সাৰ  স্কেনিং, টি বি কে আদি কৰি কেবাটাও বিভাগৰ চিকিৎসা বিশেষজ্ঞই অংশগ্ৰহণ কৰে। চিকিৎসা শিৱিৰত কেবাশ  ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ যোগান ধৰে। লগতে বিভিন্ন ৰোগৰ তেজ পৰীক্ষাৰ কৰাৰ উপৰিও বিভিন্ন পৰীক্ষা কৰে। উক্ত চিকিৎসা শিৱিৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক গোপীনাথ বৰাই। আনহাতে শিৱিৰৰ লগত সংগতি ৰাখি 'আইদিন'ৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয় । ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ৰাধাচৰণ দাসে পৰিচালনা কৰা সভাখনত কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক  ডাঃ গোপীনাথ বৰা, প্ৰকল্প সঞ্চালক স্মীতা শইকীয়া, নিলাক্ষি বৰঠাকুৰ, বৰটাৰী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক অবিনাশ সদাগৰ আদিয়ে 'আইদিন'ৰ অভাৱত হব পৰা বিভিন্ন ৰোগ সম্পৰ্কে বক্তব্য আগবঢ়ায়।

Post Bottom Ad

Responsive Ads Here