ৰাষ্ট্ৰীয় খেলুৱৈ ইৰা দাসৰ মৃত্যু - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, September 30, 2022

ৰাষ্ট্ৰীয় খেলুৱৈ ইৰা দাসৰ মৃত্যু

 ৰাষ্ট্ৰীয় খেলুৱৈ ইৰা দাসৰ মৃত্যু

'জনসেৱা লাইভ' ৩০ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ অসম আৰক্ষীত কৰ্মৰত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ইৰা দাসৰ আজি নিচেই পুৱা ৪ বজাত মৃত্যু হয় । জানিব পৰা মতে দীৰ্ঘদিন জটিল ৰোগত ভূগি থকা ইৰাৰ আলাগজাৰীস্থিত নিজ বাসভৱনত মৃত্যুৰ সময়ত বয়স ৩৫ বছৰ। অসমৰ ক্ৰীড়াক্ষেত্ৰৰ কাবাডী খেলত জুনিয়ৰ পৰ্যায়ৰ পৰা ছিনিয়ৰলৈ ১১ বাৰ ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰা ইৰাই বাংলাদেশৰ বিৰুদ্ধেও অসমক প্ৰতিনিধিত্ব কৰিছিল । প্ৰখ্যাত খেলুৱৈগৰাকীৰ মৃত্যুত দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থা, ছয়গাঁও ক্ৰীড়া সন্থা, ছয়গাঁও সাহিত্য সভা, দক্ষিণ কামৰূপ প্ৰেছ ক্লাব,  ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে । অবিবাহিত ইৰাই মৃত্যুৰ সময়ত মাতৃ , ককাই -বৌয়েকক এৰি থৈ যায় ।



Post Bottom Ad

Responsive Ads Here