ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক শচীন দাসৰ অকাল মৃত্যু - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, September 7, 2022

ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক শচীন দাসৰ অকাল মৃত্যু

 ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক শচীন দাসৰ অকাল মৃত্যু

'জনসেৱা লাইভ' ছয়গাঁও ৭ ছেপ্টেম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা শচীন দাসৰ অকাল মৃত্যুত সমগ্ৰ দক্ষিণ কামৰূপতে শোঁকৰ ছাঁ পৰে । ছয়গাঁৱৰ মাজপাৰা গাঁৱৰ নিবাসী বিমল দাস আৰু নিৰলা দাসৰ পুত্ৰ তথা ছাত্ৰ নেতা শচীন দাসে এক জটিল ৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাল আৰু তাৰ পিছত জি এম চি এইচত চিকিৎসাধীন হৈ আছিল । চিকিৎসাধীন হৈ থকা সময়তে ছাত্ৰ নেতা শচীন দাসে জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ২৬ বছৰ । জানিব পৰা মতে ছাত্ৰ নেতা শচীন দাস ২০১৯-২১ বৰ্ষত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে মৃত্যুৰ সময়লৈ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । উল্লেখ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা শচীন দাসৰ মৃতদেহ ছয়গাঁও আহি উপস্হিত হোৱাৰ লগে লগে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ কামৰূপ ছাত্ৰ সন্থা, দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থা, পশ্চিম কামৰূপ ছাত্ৰ সন্থা, ছাত্ৰ কল্যাণ ন্যাস, ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ, ছয়গাঁও শাৰদীয় দুৰ্গা পূজা সমিতি, ছয়গাঁও সাহিত্য সভা, ছয়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভা, ছয়গাঁও মহাবিদ্যালয় আছু গোট, দক্ষিণ কামৰূপ কুইজ ফৰাম, সামাজিক প্ৰগতি সংঘ, ছয়গাঁও প্ৰেছ ক্লাব, জংগমকে ধৰি বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে । উল্লেখ্য যে শচীন দাসৰ এই অকাল বিয়োগত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।


Post Bottom Ad

Responsive Ads Here