"হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচীৰ সজাগতাৰ বাবে কামৰূপ আৰক্ষীৰ দ্বাৰা বাইক ৰেলী
আমিনগাওঁ, ১০ আগষ্টঃ ‘’আজাদী কা অমৃত মহোৎসৱ’’ৰ লগত সংগতি ৰাখি অহা ১৩ৰ পৰা ১৫ আগষ্টলৈ পালন কৰিব লগীয়া ‘’হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচীৰ সজাগতাৰ বাবে আজি কামৰূপ জিলা আৰক্ষীৰ উদ্যোগত এক সজাগতা বাইক ৰেলী উলিওৱা হয়। এই বাইক ৰেলী আমিনগাঁওস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা হাজোলৈকে উলিওৱা হয়। এই ৰেলীৰ দ্বাৰা জনসাধাৰণক অহা ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰে একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে আহ্বান জনোৱা হয়। ৰেলীত জিলাখনৰ বহুসংখ্যক আৰক্ষীৰ লোকে ভাগ লোৱাৰ উপৰি জিলা উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশেও অংশ গ্ৰহণ কৰি জনসাধাৰণক এই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সফল কৰি তোলাৰ বাবে আহ্বান জনায়।