জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত “বিভাজন বিভীষিকা স্মৃতি দিৱস” অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, August 14, 2022

জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত “বিভাজন বিভীষিকা স্মৃতি দিৱস” অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ

 জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত “বিভাজন বিভীষিকা স্মৃতি দিৱস” অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ

আমিনগাওঁ, ১৪ আগষ্টঃ সমগ্ৰ দেশৰ লগতে আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগতো “বিভাজন বিভীষিকা স্মৃতি দিৱস” পালন কৰা হয়। এই উপলক্ষে আমিনগাওঁস্থিত সংহত জিলা  উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন ইত্যাদি  বিভাগৰ মন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেশ বিভাজনৰ সেই দুঃসময়ৰ বিভিন্ন দিশ আলোকপাত কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলক  ইতিহাস অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনায়। এই প্ৰসংগত তেওঁ কয় যে ইতিহাসৰ ভুলৰ পৰাহে শুধৰণিৰ পথ প্ৰশস্ত হয়। ছাত্ৰ-ছাত্ৰী সকলৰ মনত   দেশপ্ৰেমবোধৰ ভাৱনাৰ উদয়ৰ ক্ষেত্ৰত এনে দিৱস পালনৰ তাৎপৰ্য আছে বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি উত্তৰ পূৱ অধ্যয়ন কেন্দ্ৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, গুৱাহাটী শাখাৰ অধ্যাপক ড০ গজেন্দ্ৰ অধিকাৰীয়ে ভাৰতীয় উপ-মহাদেশত দেশ বিভাজনে নমাই অনা বিভীষিকাৰ বিস্তৃত আলোকপাত কৰাৰ উপৰি পূৰ্বৰ ভুলৰ যাতে কোনো দিনে পুনৰাবৃত্তি নহয় সেয়া কামনা কৰে। তেওঁ লগতে যি কোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ সময়ত সদায়ে সাৱধানতা অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে পুনৰ আন এক সমস্যাই গা-কৰি উঠিব নোৱাৰে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে দেশৰ একতা আৰু সংহতি অক্ষুন্ন ৰখাৰ দিশত  এই দিৱস পালনৰ পৱিত্ৰ ক্ষণত সকলোকে সংকল্পবদ্ধ হবলৈ আহ্বান জনায়।অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়েও এই দিৱস পালনৰ তাৎপৰ্য  বাখ্যা কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত হিংসাত্মক ঘটনাত নিহত হোৱা ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধা জনাই সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কাকতি, অতিৰিক্ত উপায়ুক্ত সকল, উচ্চ পদস্ত বিষয়া সকলৰ লগতে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে।



Post Bottom Ad

Responsive Ads Here