পশ্চিম কামৰূপ বন সংমণ্ডলৰ উদ্যোগত কৰ্দৈগুৰীত বিশ্ব পৰিৱেশ দিৱস উদযাপন
ছয়গাঁও ৫ জুন : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি পশ্চিম কামৰূপ বন সংমণ্ডলৰ উদ্যোগত ছয়গাঁৱৰ কৰ্দৈগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কৰ্দৈগুৰি বনানিগাঁও, কৰ্দৈগুৰি মহিলা সমিতি আৰু কৰ্দৈগুৰি বিষ্ণুজ্যোতি পুথিভৰালৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অনুষ্ঠানৰ আৰম্ভণিতে বৃক্ষৰোপণ কৰে ৷ তাৰ পিছতে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া ডিম্পী বৰা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, ছয়গাঁও ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অম্বৰীশ বৰি, কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দীপন ডেকাৰ লগতে কেইবাজনো ব্যক্তিয়ে বৃক্ষৰোপণ কৰে । এই বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্হিত থাকি ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে ভাষণত বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য বাখ্যা কৰি গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব অৰোপ কৰে। বিধায়ক গৰাকীয়ে কৰ্দেগুৰি গাঁৱৰ তিনিশ মিটাৰ পকীকৰণৰ কথা ঘোষণা কৰাৰ লগতে গাঁওখনৰ মহিলা সমিতিলৈ একলাখ টকাৰ অনুদান আগবঢ়াই । অনুষ্ঠানৰ মাজতে পৰিৱেশ সম্পৰ্কে কাম কৰি থকা সংগঠন বন্যবন্ধু আৰু এ. ডব্লিউ. আৰ. আৰ. অ. ৰ সদস্যসকলক বন বিভাগৰ তৰফৰ পৰা সাপ ধৰা সজুলি বিতৰণ কৰে ৷ লগতে অনুষ্ঠানত গছৰ পুলিও বিতৰণ কৰে । এই অনুষ্ঠানত কণ কণ শিশু সকলে "গছ থাকিলেহে মানুহ থাকিব" শীৰ্ষক এখন নাট পৰিৱেশন কৰে । নাট পৰিৱেশন কৰা কণ কণ ২৭ গৰাকী শিল্পীকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ১০০ টকাকৈ প্ৰদান কৰে ।