ছয়গাঁৱত অংগনবাড়ী কৰ্মী সহায়িকাৰ ধৰ্ণা
ছয়গাঁও, ১০ জুন : ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক অৱসৰকালীন সাহাৰ্য প্ৰদান কৰা, অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ দাবীত অজি ছয়গাঁৱৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে ছয়গাঁও চিডিপিঅ' কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ অন্তৰ্গত ছয়গাঁও প্ৰকল্প কমিটিৰ নেতৃত্বত ধৰ্ণাত অংশগ্ৰহণ কৰা কৰ্মী সহায়িকা সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত মাননীৰ সলনি মজুৰি দিয়ক, মজুৰি ২১হাজাৰ টকা ধাৰ্য কৰক, কৰ্মী সহায়িকাৰ অতিৰিক্ত কামৰ বোজা কমাই দিয়ক , অৱসৰৰ বয়সৰ সীমা ৬৫ বছৰলৈ বৃদ্ধি কৰক, অৱসৰকালীন সাহাৰ্য্য প্ৰদান কৰক আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। ধৰ্ণাৰ অন্তত ছয়গাঁও চি ডি পি অ' কাৰ্যালয়ৰ জৰিয়তে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।স্মাৰক পত্ৰত উল্লেখ কৰামতে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ দিৰ্ঘদিনীয়া আন্দোলনৰ ফলত অৱসৰৰ সময়ত অংগনবাড়ী কৰ্মী সকলক ৪লাখ, মিনিকৰ্মী সকলক ৩লাখ আৰু সহায়িকা সকলক ২ লাখ টকাকৈ প্ৰদান কৰাৰ বাবে ২০২১ চনৰ ১৪ ডিচেম্বৰত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ঘোষণা কৰা এককালীন সাহাৰ্য্য অবিহনে একাংশ প্ৰকল্প বিষয়াই ৬০ বছৰ অতিক্ৰম কৰা কৰ্মী সকলক একাংশ প্ৰকল্প বিষয়াই অৱসৰ দিয়া আৰম্ভ কৰিছে।সেয়ে অৱসৰ পোৱা কৰ্মী সহায়িকা সকলক অৱসৰকালীন সাহাৰ্য্য আৰু গ্ৰেছুইটি প্ৰদান কৰাৰ লগতে অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ বাবে সভানেত্ৰী ললিতা কলিতা আৰু সম্পাদিকা মিনতি কলিতাই স্বাক্ষৰ কৰা স্মাৰক পত্ৰ যোগে চৰকাৰক অনুৰোধ জনাইছে।