অসম দৰ্শন আঁচনিৰ অধীনত ছয়গাঁৱত নামঘৰলৈ আৰ্থিক সাহায্য প্ৰদান
ছয়গাঁও ২৯ ছেপ্টেম্বৰ : অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত ছয়গাঁও সমষ্টিৰ ছয়গাঁও উন্নয়ন খণ্ড, বনগাঁও উন্নয়ন খণ্ড আৰু গৰৈমাৰী উন্নয়ন খণ্ডৰ নামঘৰলৈ আজি ধন আৱণ্টনৰ অনুমোদন পত্ৰ বিতৰণৰ কাৰ্যৰ শুভাৰম্ভ কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। এই উপলক্ষে ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন সভাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে নামঘৰৰ এই অনুমোদন পত্ৰ বিতৰণ কৰে । ছয়গাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া সৰোজ সোণোৱালে পৰিচালনা কৰা সভাখনত বিধায়ক ৰেকিবুদ্দিনে আহমেদে ভাষণত নামঘৰ নিৰ্মাণ কমিটিসমূহক আবণ্টন পোৱা টকাৰে নামঘৰ সমূহৰ নিৰ্মাণ কাৰ্যসমূহ সুচাৰুৰূপে কৰাৰ বাবে আহ্বান জনাই । এই অনুষ্ঠানবোৰ সম্পূৰ্ণ ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখ তেওঁ কয় যে নামঘৰ সমূহে সমাজত ভাতৃত্ববোধ শক্তিশালী কৰাত সহায় কৰি আহিছে। ছয়গাঁও সমষ্টিৰ মুঠ ৫২ টা নামঘৰলৈ ১ কোটি ৩০ লাখ অনুমোদন জনোৱা বুলি কয় বিধায়ক গৰাকীয়ে সভাত জানিবলৈ দিয়ে । অৱশ্যে ইয়াৰ ভিতৰত পাঁচটা নামঘৰৰ যাৱতীয় কাম কাজ সম্পূৰ্ণ নোহোৱাত মুঠ ৫২ নামঘৰৰ ৪৭ টা নামঘৰলৈ আজি অনুমোদন পত্ৰ বিতৰণ কৰে। বাকী কেইটা নামঘৰৰ যাৱতীয় নথিপত্ৰ সমূহ পুনৰীক্ষণ কৰি সোনকালে অনুমোদন কৰা ধন আগবঢ়াব বুলি বিধায়ক গৰাকীয়ে ভাষণত উল্লেখ কৰে । সভাত বনগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গুলচন চুলতানা , ছয়গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কনকলতা দেৱীৰ লগতে কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে।