মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান আৰু মহাপুৰুষ শ্ৰীশ্ৰী দামােদৰ দেৱ স্থপিত আদিধাম শ্রীশ্রী পাটবাউসী সত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, August 3, 2021

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান আৰু মহাপুৰুষ শ্ৰীশ্ৰী দামােদৰ দেৱ স্থপিত আদিধাম শ্রীশ্রী পাটবাউসী সত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান আৰু 

মহাপুৰুষ শ্ৰীশ্ৰী দামােদৰ দেৱ স্থপিত আদিধাম শ্রীশ্রী পাটবাউসী সত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে


দিছপুৰ, ০৩ আগষ্ট : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহাপুৰুষ শ্ৰীমন্ত শংৰদেৱৰ কৰ্মভূমি পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান পৰিদৰ্শন কৰি সেৱা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে লগতে থানখনত সংৰক্ষিত হৈ থকা গুৰুজনাৰ স্মৃতি বিজড়িত সম্পদৰাজি প্রত্যক্ষ কৰে। থানখন পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই সত্ৰাধিকাৰ, সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা ভকতবৃন্দৰ সৈতে মত-বিনিময় কৰি থানখনৰ সংৰক্ষণ আৰু সংবর্ধনৰ বিষয়ে আলােচনা কৰে। থান পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই থানখনৰ মুখ্য পাঠক কমলাকান্ত দাস জটিল ৰােগত আক্ৰান্ত হৈ থকা বুলি অৱগত হােৱাত তেখেতৰ উন্নত চিকিৎসাত সহায়ক হােৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকা অনুদানৰ এখন চেক তাৎক্ষণিকভাৱে প্রদান কৰে। ইয়াৰ পিছতে থান চৌহদত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত জন্মগ্রহণ কৰিছিল আৰু মধুপুৰ সত্ৰত গুৰুজনাৰ মহাপ্রয়াণ হৈছিল। কিন্তু এই পাটবাউসীতে ১৮ বছৰ ৬ মাহ কাল থাকি গুৰুজনাই জীৱনৰ উৎকৃষ্টতম সৃষ্টিৰাজি অসমৰ জনগণ আৰু নতুন প্রজন্মৰ বাবে এৰি থৈ গৈছে। গুৰুজনাৰ জন্মস্থান বৰদোৱাত ইতিমধ্যে চৰকাৰে এক বৃহৎ প্রকল্পৰ কাম আৰম্ভ কৰিছে। আজি পাটবাউসীলৈ আহি এই থানখনৰ বিষয়ে প্ৰাৰম্ভিকভাৱে বুজ লােৱাৰ কথা উল্লেখ কৰি পাটবাউসীৰ দুয়ােখন সত্ৰৰ সংৰক্ষণ আৰু সংবর্ধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এটা বৃহৎ প্রকল্প হাতত ল'ব বুলি তেওঁ জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ৰ কেবিনেট বৈঠকত এই সম্পর্কত সিদ্ধান্ত লােৱা হ'ব বুলিও তেওঁ ব্যক্ত কৰে। আজিৰ এই থান পৰিদৰ্শনৰ সময়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, নৰােৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগােস্বামী, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জনার্দন অধিকাৰী, কুমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ ৰত্নকান্ত অধিকাৰী প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীশ্ৰী দামােদৰ দেৱ স্থাপিত আদিধাম শ্রীশ্রী পাটবাউসী সত্র পৰিদৰ্শন কৰি সত্ৰখনত সেৱা জনায়। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে সত্ৰখনত সংৰক্ষিত হৈ থকা সাঁচিপতীয়া পুথিকে ধৰি আপুৰুগীয়া সম্পদৰাজি প্রত্যক্ষ কৰে। সত্র প্রাঙ্গনত মুখ্যমন্ত্রী ড° শৰ্মাক সত্ৰখনৰ সত্ৰাধিকাৰকে ধৰি সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে উষ্ম আদৰণি জনােৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপৰি, মুখ্যমন্ত্রী ড° শৰ্মাক সত্ৰখনৰ তৰফৰ পৰা ‘জনশিৰােমণি’উপাধিৰে বিভূষিত কৰি এখনি উপাধিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সত্ৰখনত উপস্থিত থকা ভকত-বৈষ্ণৱক উদ্দেশ্যি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ ঐতিহ্যমণ্ডিত সত্ৰীয়া সংস্কৃতি নৱ প্ৰজন্মৰ বাবে ৰক্ষা কৰাটো বৰ্তমানৰ চৰকাৰৰ অন্যতম মূল লক্ষ্য। তেওঁ লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্রীশ্রী দামােদৰদেৱ, ভট্টদেৱৰ কৰ্মভূমি পাটবাউসীক আগুৱাই নিয়াৰ লগতে পাটবাউসীৰ দুয়ােখন সত্রকে জগৎ সভালৈ লৈ যােৱা আৰু গুৰুজনাৰ সৃষ্টিৰাজিৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিব। আজিৰ এই পৰিদৰ্শন কালতে মুখ্যমন্ত্রী ড° শৰ্মাই জিলা প্রশাসক সত্ৰখনৰ মাটিৰ বিৱৰণৰ তথ্য দাখিলৰ বাবেও নির্দেশ দিয়ে।শ্রীশ্রী পাটবাউসী সত্ৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, শ্ৰীশ্ৰী পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গােস্বামীকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।



Post Bottom Ad

Responsive Ads Here