৩১ জানুৱাৰীত প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ ‘দান-বৰঙনি সংগ্ৰহ দিৱস’ - Janasewa Live
  • মুখ্যপৃষ্ঠা
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Privacy Policy

Janasewa Live
    • অসম
    • স্থানীয়
    • সম্পাদকীয়
    • উত্তৰ-পূব
    • ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
    • ক্ৰীড়া
    • বিনোদন

    শেহতীয়া খবৰ

    Home Top Ad

    Post Top Ad

    Responsive Ads Here

    Friday, January 29, 2021

    Home অসম স্থানীয় ৩১ জানুৱাৰীত প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ ‘দান-বৰঙনি সংগ্ৰহ দিৱস’

    ৩১ জানুৱাৰীত প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ ‘দান-বৰঙনি সংগ্ৰহ দিৱস’

    Janasewa Live অসম, স্থানীয়,

    ৩১ জানুৱাৰীত প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ ‘দান-বৰঙনি সংগ্ৰহ দিৱস’


    গুৱাহাটী¸ ২৯ জানুৱাৰীঃ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে অহা ৩১ জানুৱাৰীত ‘দান-বৰঙনি সংগ্ৰহ দিৱস’ পালন কৰিব প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনে। যোৱা ২৪ জানুৱাৰীত মহাবিদ্যালয় প্ৰাঙ্গণত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ আৰু কৰ্মৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভা সভাত এই সিদ্ধান্ত লোৱা হয়। সভাত অহা ৮ ফেব্ৰুৱাৰীত "নেক"ৰ পৰ্যবেক্ষণ প্ৰতিনিধি প্ৰাগজ্যোতিষ মহাবিদ্যালয়লৈ অহাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত সভাখনৰ সিন্ধান্তমৰ্মে মহাবিদ্যালয়ৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ‘দান-বৰঙনি সংগ্ৰহ দিৱস’ পালন কৰা হ’ব। ‘দান-বৰঙনি সংগ্ৰহ দিৱস’ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে নগদ ধন বা মহাবিদ্যালয়ত বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ উন্নয়নৰ বাবে সাধ্য অনুযায়ী ভাল লগা বস্তু  দান বৰঙনি হিচাপে প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ কাৰ্য্যলয়ত দিব পাৰিব। বৰঙণিৰ বাবদ নগদ ধনসমূহ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ নামত ভৰলুমুখত United Bank OF Indiaৰ ভৰলুমুখ শাখাত থকা 060401080450 নম্বৰ একাউণ্ট (IFSC: UIBI0 BHK394)ত জমা দিব পাৰিব৷ আনহাতে¸ সংগ্ৰহ হোৱা সকলো সামগ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত জমা দিয়া হব৷ সভাৰ আন এটি প্ৰস্তাৱমৰ্মে মহাবিদ্যালয়ত গঠন হোৱা বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী গোটৰ পৰা দুগৰাকীকৈ প্ৰতিনিধি মুল সমিতিত অন্তভুৰ্ক্ত কৰা হ’ব। সভাই মহাবিদ্যালয়ৰ চৌহদ চাফ-চিকুন কৰাৰ বাবে পিছফালৰ দেৱালসমূহত মহৎলোকৰ বাণী¸ ফটো অংকণ কৰি সৌন্দৰ্য বৰ্দ্ধনৰ ব্যৱস্থা কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে৷ ইয়াৰ দায়িত্ব সন্মিলনৰ উপদেষ্টা অপূৰ্ব দাস¸ হিল্লৱী দেৱী আৰু জ্যোতিৰ্ময় ভূঞাক অৰ্পণ কৰা হৈছে।সভাই প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ ফালৰ পৰা এখন ‘দেৱাল  আলোচনী’ প্ৰকাশৰ সিন্ধান্ত গ্ৰহণ কৰি সন্মিলনৰ উপ-সভাপতি জগদীশ দাস , অপূৰ্ব দাস, দেইজীৰাণী দেৱী¸ ধীৰাজ ডেকা¸ মালবিকা শৰ্মা আৰু চন্দন দাসক ইয়াৰ দায়িত্ব অৰ্পণ কৰে ৷ সন্মিলনে শিক্ষক বৃত্তিত জড়িত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক নিজ মহাবিদ্যালয় বা ওচৰতে থকা শিক্ষানুষ্ঠানত বিনামূলীয়া শিক্ষা প্ৰদান কৰা আৰু অভিজ্ঞ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ জৰিয়তে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকলক উদগনিমূলক পাঠদান কৰাবলৈ অনুৰোধ জনোৱাৰো সিন্ধান্ত গ্ৰহণ কৰে৷ সভাই লগতে "নেকৰ" প্ৰতিনিধি দলৰ পৰিদৰ্শনৰ সময়ত যাৱতীয় কাম-কাজ পৰিচলনা কৰিবলৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অধ্যাপক প্ৰদীপ কলিতা আৰু সীমা কৌৰক সমন্বয়ক হিচাপে লৈ এখন ১০ জনীয়া সমিতিও গঠন কৰি দিয়ে। এইক্ষেত্ৰত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সন্মিলনৰ লগত যোগাযোগ কৰিবলৈ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলে অনুৰোধ জনাইছে। সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে 98540 22841 মনোজ দাস কণক তালুকদাৰ সাধাৰণ সম্পাদক 8011177695 নম্বৰত যোগাযোগ কৰিব পাৰিব।


    Attachments area
    ReplyForward


     

    Tags # অসম # স্থানীয়
    Share This
    Author Image

    About Janasewa Live

    স্থানীয়
    By Janasewa Live
    Email ThisBlogThis!Share to XShare to FacebookShare to Pinterest
    Labels: অসম, স্থানীয়
    Newer Post Older Post Home

    Post Bottom Ad

    Responsive Ads Here

    Author Details

    ‘জনসেৱা’ চৰকাৰী পঞ্জীয়নভুক্ত এক বে-চৰকাৰী সংস্থা। পঞ্জীয়ন নং- KAM (R) /264/C/29 of 2014-2015। দক্ষিণ কামৰূপৰ ছয়গাঁৱক মুখ্য কাৰ্যালয় হিচাপে লৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। ২০০৯ চনৰ ২৫ জুলাইত মাহেকীয়া বাৰ্তালোচনী ‘জনসেৱা’ প্ৰকাশ কৰাৰ পিছৰে পৰা এই সংস্থা গঠন কৰা হয়।.

    Socialize

    • facebook
      Followers
    • twitter
      Followers
    • youtube
      Followers
    • instagram
      Followers

    ফেচবুক

    অনুসন্ধান

    Powered by Blogger.

    শেহতীয়া

    জনপ্ৰিয়

    • ছয়গাঁৱৰ আদৰ্শ কৃষক কমলা কান্ত দাসক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ সম্বৰ্দ্ধনা জ্ঞাপন
      ছয়গাঁৱৰ আদৰ্শ কৃষক কমলা কান্ত দাসক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ সম্বৰ্দ্ধনা জ্ঞাপন
       ছয়গাঁৱৰ আদৰ্শ কৃষক কমলা কান্ত দাসক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ সম্বৰ্দ্ধনা জ্ঞাপন  গুৱাহাটী, ১৭ নৱেম্বৰ :  কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলৰ নোৱাপা...
    • শিক্ষক তথা সমাজকৰ্মী ৰঞ্জিত কলিতাৰ অকাল মৃত্যু
      শিক্ষক তথা সমাজকৰ্মী ৰঞ্জিত কলিতাৰ অকাল মৃত্যু
        শিক্ষক তথা সমাজকৰ্মী ৰঞ্জিত কলিতাৰ অকাল মৃত্যু দক্ষিণ কামৰূপ ২৩ মাৰ্চ : দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বনিয়াপাৰাৰ অমৃত কলিতাৰ কন...
    • পলাশবাৰী চৰাঞ্চলত ছলাৰ লাইট বিতৰণৰ নামত গাঁওপ্ৰধানৰ অবাধ দুৰ্নীতি
      পলাশবাৰী চৰাঞ্চলত ছলাৰ লাইট বিতৰণৰ নামত গাঁওপ্ৰধানৰ অবাধ দুৰ্নীতি
      পলাশবাৰী চৰাঞ্চলত ছলাৰ লাইট বিতৰণৰ নামত গাঁওপ্ৰধানৰ অবাধ দুৰ্নীতি গাঁও প্ৰধান হজৰত আলীৰ ছয়গাঁও সমষ্টিৰ বাসগৃহগাঁও  ছয়গাঁও, ২ জুন : চৰাঞ্চলৰ...
    • ছয়গাঁৱত জাল নোট সহ ৫ জনক আটক
      ছয়গাঁৱত জাল নোট সহ ৫ জনক আটক
        ছয়গাঁৱত জাল নোট সহ ৫ জনক আটক 'জনসেৱা লাইভ' ৬ নবেম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে যোৱা নিশা ছয়গাঁও বজাৰত এজন জালনোট সৰবৰাহকাৰ...
    • কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্দ্ধনা কুকুৰমাৰা গাঁওপ্ৰধানৰ
      কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্দ্ধনা কুকুৰমাৰা গাঁওপ্ৰধানৰ
        কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্দ্ধনা কুকুৰমাৰা গাঁওপ্ৰধানৰ 'জনসেৱা লাইভ', ১৬ জুন : দক্ষিণ কামৰূপৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কুকুৰমাৰা...

    মন্তব্যসমূহ

    Archive

    Sponsor

    বিনোদন

    বাতৰি গোট

    অসম ভিডিঅ’ স্থানীয়
    • Home
    • আমাৰ বিষয়ে
    • Privacy Policy

    বাতৰি গোটসমূহ

    অসম (332) ভিডিঅ’ (108)

    শেহতীয়া খবৰ

    Contact Form

    Name

    Email *

    Message *

    আমাৰ বিষয়ে

    authorজনসেৱা’ চৰকাৰী পঞ্জীয়নভুক্ত এক বে-চৰকাৰী সংস্থা। পঞ্জীয়ন নং- KAM (R) /264/C/29 of 2014-2015। দক্ষিণ কামৰূপৰ ছয়গাঁৱক মুখ্য কাৰ্যালয় হিচাপে লৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে।
    অধিক পঢ়ক →

    Copyright © Janasewa Live | Powered by : Janasewa (NGO)