অসম চৰকাৰৰ লেখক সম্বৰ্ধনাৰ বাবে সাংবাদিক গিৰীন্দ্ৰ কলিতা নিৰ্বাচিত - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, January 30, 2021

অসম চৰকাৰৰ লেখক সম্বৰ্ধনাৰ বাবে সাংবাদিক গিৰীন্দ্ৰ কলিতা নিৰ্বাচিত

 অসম চৰকাৰৰ লেখক সম্বৰ্ধনাৰ বাবে সাংবাদিক গিৰীন্দ্ৰ কলিতা নিৰ্বাচিত


নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ, ৩০ জানুৱাৰী : অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কিছুসংখ্যক নিষ্ঠাবান লেখকক অহা ১ ফেৱ্ৰুৰাৰীৰ বিয়লি ৩ বজাত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব। এই লেখক সম্বৰ্ধনাৰ বাবে পলাশবাৰীৰ নৈপৰীয়া দখলা গাৱঁৰ প্ৰয়াত ললিত চন্দ্ৰ কলিতা আৰু পুতুলি কলিতাৰ পুত্র তথা সাহিত্যিক 'আমাৰ অসম'ৰ পলাশবাৰীৰ সাংবাদিক গিৰীন্দ্ৰ কলিতাকো নিৰ্বাচন কৰিছে। অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গিৰীন্দ্ৰ কলিতাই কিশোৰ কুমাৰ কলিতা নামেৰে ছাত্রাৱস্থাৰ পৰাই আগশাৰীৰ কাকত আলোচনীত কবিতা, প্ৰৱন্ধ, গল্প, উপন্যাস আদি ধাৰাবাহিকভাৱে লিখি আহিছে। কালধুমুহা, কল্লোলিনীৰ কল্লোল, কেচাসোণ, কৃষ্ণচূড়াৰ ৰং, কাদম্বৰী নামৰ পাঁচখন উপন্যাস ৰচনা কৰাৰ লগতে চানডুবিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে ৰচনা কৰা কেচা সোণ নামৰ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই ২০০৪ চনত ছিপাঝাৰ অধিবেশনত গিৰিধৰ শৰ্মা বটা প্ৰদান কৰিছিল। কবিতা নুবুজা ছোৱালীজনী, কবিতা এটাৰ দৰেই হব বহাগ নামৰ কবিতাপুথি দুখন প্ৰকাশ হোৱাৰ লগতে ২০০৬ চনত কবি কল্পদ্ৰুম বটাৱো লাভ কৰিছে। একমাত্ৰ প্ৰৱন্ধ সংকলন কুকি ত দক্ষিণ কামৰূপৰ ইতিহাস, কিম্বদন্তীৰে সমৃদ্ধ বহু তত্ত্ব গধুৰ প্ৰৱন্ধ সন্নিৱিষ্ট কৰা আছে। কলিতাক বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Post Bottom Ad

Responsive Ads Here