ছয়গাঁৱত নাইন এম এম পিষ্টলসহ দুজন যুৱকক আটক - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, December 8, 2020

ছয়গাঁৱত নাইন এম এম পিষ্টলসহ দুজন যুৱকক আটক

 ছয়গাঁৱত নাইন এম এম পিষ্টলসহ দুজন যুৱকক আটক


ছয়গাঁও : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে আজি নাইন এম এম পিষ্টল সহ দুজন লোকক আটক কৰে। জানিব পৰা মতে  ধৃত যুৱক দুজন মেঘালয়ৰ খাচী হিলছৰ পলেষ্টাৰ চাংমা আৰু লেন্নি চাংমা। আনহাতে যুৱক দুজনে ব্যৱহাৰ কৰা এম এল-০৫ এছ-২৭২৯ নম্বৰৰ এখন পালছাৰ মটৰ চাইকেল খনও জব্দ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে গুৱাহাটীৰ দিশৰ পৰা শ্বিলং অভিমুখে আহি আছিল যুৱক দুজন।  ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সামান্য কথাতে মিৰ্জাৰ দুজন যুৱকক পিষ্টল দেখুৱাই  মৃত্যুৰ ভাবুকি দিছিল। বিজয়নগৰ আৰক্ষী পহৰা চকীৰ খবৰৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱত যুৱক দুগৰাকীক আটক কৰে। উল্লেখযোগ্য যে  ধৃত যুৱক এগৰাকী নিজকে মেঘালয়ৰ আৰক্ষী কনিষ্টবল বুলি দাবী কৰে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Post Bottom Ad

Responsive Ads Here