প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সমস্যা সম্পৰ্কত সভা
ছয়গাঁও : প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদত মৰ্য্যদা সহকাৰে নিযুক্তি দিয়াৰ লগতে স্নাতক শিক্ষকৰ গ্ৰেডপে পুনৰ ঘূৰাই নিদিলে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলে অহা ১ জানুৱাৰীৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলে কাৰ্যালয় কেন্দ্ৰিক সকলো কাম কাজৰ পৰা আতৰি থাকিব আৰু কোনো নথিপত্ৰ আৰু তথ্যপাতি যোগান নধৰিব। আজি ছয়গাঁৱৰ শিক্ষক ভৱনত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ এখন এখন বিশেষ সাধাৰণ সভাত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সদস্য কিশোৰ কুমাৰ দাসে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সকলক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব দি শিক্ষা বিভাগে বিদ্যালয় সমূহৰ কামকাজ চলাই আহিছে। যোৱা ৫ আৰু ১৪ নবেম্বৰত শিক্ষা মন্ত্ৰীৰ লগত হোৱা আলোচনাত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল যদিও বৰ্তমানলৈকে চৰকাৰে সেয়া কাৰ্যকৰী নকৰি বিভিন্ন কথাৰে শিক্ষক সকলক এই সিদ্ধান্তৰ পৰা বিচলিত কৰিব বিচৰা বুলিও সভাত দাসে মন্তব্য কৰে। ছয়গাঁও চম্পকনগৰ মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰোহিন্দ্ৰ দাসৰ সভাপতিত্বত ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত ছয়গাঁও চম্পকনগৰ আৰু গৰৈমাৰী মণ্ডলৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী সকলৰ ছয়গাঁও শিক্ষক ভৱনত অনুষ্ঠিত এই এই বিশেষ সাধাৰণ সভাখনত ছয়গাঁও চম্পকনগৰ মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক অনিল ঠাকুৰীয়াই উদ্দেশ্য বাখ্যা কৰে। এই সভাত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সদস্য কিশোৰ কুমাৰ দাসৰ উপৰিও অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্য নিৰন খাখলাৰী, গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আৰু সাধাৰণ সম্পাদক বিপুল ডাকুৱা আৰু প্ৰদীপ কলিতাও উপস্থিত থাকি শিক্ষক সকলৰ সমস্যা সমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে।