গ্ৰাহকৰ লগত সু সম্পৰ্ক ৰক্ষাৰ বাবে বিদ্যুৎ বিভাগে লৈছে কাৰ্যব্যৱস্থা
ছয়গাঁও : বিদ্যুৎ গ্ৰাহক আৰু বিদ্যুৎ বিভগৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে গঠন কৰা উপ সংমণ্ডল বৈদ্যুতিক পৰ্যবেক্ষণ আৰু উপদেষ্টা কমিটিৰৰ ( ছাব দিভিজনেল ইলেক্ট্ৰিচিটি মনিটৰিং এণ্ড এদভাইজৰী কমিটি ) এখন সভা ছয়গাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ উদ্যোগত আজি ছয়গাঁৱৰ জংগম ভৱনৰ সভাকক্ষত অনুষ্ঠিত হয় । ছয়গাঁও বৈদুতিক উপ সংমণ্ডলৰ উপ সংমণ্ডল বিষয়া পাৰ্থজিৎ মজুমদাৰে পৰিচালনা কৰা এই সভাত ছয়গাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰতিনিধি হিচাপে ভাৰত গোস্বামীৰ লগতে মিৰ্জা বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী জেনেৰেল মেনেজাৰ ( এ জি এম ) ধ্ৰুৱজ্যোতি ডেকা আৰু ছয়গাঁও ৰাজহ চক্ৰ বিষয়া জয়ন্ত বৰা উপস্থিত থাকে । সভাত স্থানীয় বিধায়কৰ প্ৰতিনিধি ভাৰত গোস্বামীয়ে ছয়গাঁও বাসীয়ে সন্মূখীন হোৱা বিদুৎ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰে আৰু এইবোৰ সমস্যাৰ সমাধান হ'লে জনসাধাৰণৰ বহুত সুবিধা হব বুলি মন্তব্য কৰে। আনহাতে বিদ্যুৎ বিভাগে গঠন কৰা কমিটিখনত বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি সংযোজন কৰিবলৈ পৰামৰ্শ আগবঢ়াই । এ জি এম ধ্ৰুৱজ্যোতি ডেকাই সভাত কয় যে পূৰ্বৰ তুলনাত বৰ্তমান বিদ্যুৎ গ্ৰাহক সকলৰ মানসিকতা যথেষ্ট সলনি হৈছে যাৰ ফলত বিদ্যুৎ বিভাগ আৰু গ্ৰাহকৰ মাজত সহযোগিতা বৃদ্ধি পাইছে আৰু অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট কমিছে । বিদ্যুৎ বিভাগে হাতত লোৱা নতুন আঁচনিবোৰ ৰাইজক অৱগত কৰাৰ এই কমিটিখনে ভূমিকা লব বুলিও তেওঁ সভাত জানিবলৈ দিয়ে। তদুপৰি ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰমাৰা আৰু গৰৈমাৰীত দুটা বৈদ্যুতিক পাৱাৰ হাউচ নিৰ্মাণৰ প্ৰস্তুতি চলাই থকা বুলিও তেওঁ জানিবলৈ দিয়ে । সভাত ছয়গাঁও চক্ৰ বিষয়া জয়ন্ত বৰাই ভাষনত কয় যে এই কমিটি খনে ৰাইজ সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত ফলপ্ৰসু ভূমিকা লব বুলি আশা প্ৰকাশ কৰে আৰু পঞ্চায়ত প্ৰতিনিধি ,আৰু গাঁওবুঢ়া সকলৰ লগতে ৰাইজৰ প্ৰতিনিধি সকলকো কমিটি খনত অন্তৰ্ভুক্ত কৰিলে জনসাধাৰণ অধিক লাভান্বিত হ'ব বুলি মন্তব্য কৰে।আনহাতে ছয়গাঁও বৈদ্যুতিক উপ সংমণ্ডল বিষয়া পাৰ্থজিত মজুমদাৰে সভাত জানিবলৈ দি কয় যে অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট কমিছে ।বৰ্তমান ছয়গাঁৱত বৈদ্যুতিক গ্ৰাহকৰ সংখ্যা প্ৰায় ৪৭ হাজৰ আৰু যোৱা দুবছৰত প্ৰায় ২০ হাজাৰ গ্ৰাহকে বিদ্যুৎ সংযোগ লৈছে। বিদ্যুতৰ গ্ৰাহকৰ অনুপাতে কৰ্মচাৰীৰ সংখ্যা কম হোৱা বাবে গ্ৰাহকৰ সমস্যা সমুহ সময়মতে সমাধান কৰাত অসুবিধা হোৱ বুলিও সভাত তেওঁ জানিবলৈ দিয়ে। সভাত কেবাগৰাকীও গ্ৰাহকে তেঁওলোকৰ সমস্যা সমূহ ৰাইজক অৱগত কৰে।