ই মিডিয়া বকোৰ উদ্যোগত অফিচিয়েল ক্ৰিকেট টুৰ্ণামেন্ট আৰম্ভ
বকোৰ পৰা বিষ্ণু ৰাম দাসৰ প্ৰতিবেদক : সংবাদ মাধ্যমৰ কৰ্মী আৰু ৰাইজৰ লগতে চৰকাৰী কাৰ্যালয় বে চৰকাৰী কাৰ্য্যালয়ৰ বিষয়া কৰ্মীৰ মাজত সু সম্পৰ্ক ৰক্ষা কৰিবলৈ কামৰূপ জিলাৰ ই মিডিয়া বকোৰ উদ্যোগত আজিৰ পৰা বকো গান্ধী মৈদানত আৰম্ভ হৈছে অফিচিয়েল ক্ৰিকেট টুৰ্ণামেন্ট। ই মিডিয়া বকোৰ সাংবাদিক গোবিন্দ দলৈ আৰু ৰাজেশ কলিতাৰ তৎপৰতাত অঞ্চলটোৰ অনুস্থান প্ৰতিস্থানৰ কৰ্মীৰ মাজত প্ৰীতি ক্ৰিকেট টুৰ্ণামেন্ট খন। আজি পুৱাৰ ভাগত খেলখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বকো ই মিডিয়া ক্ৰিকেট টিম বনাম বগাই সামাজিক সাংস্কৃতিক ক্ৰীড়া সংগঠনৰ ক্ৰিকেট টিমটোৱে। উল্লেখ্য যে ; ই মিডিয়া টিম ; বকো আৰক্ষী থানাৰ ক্ৰিকেট টিম ; বগাই ক্ৰিকেট টিম ; নন্দিনী গেছ এজেঞ্চী টিম ; দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ টিম ; ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিক সমিতিৰ টিম ; জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টিম ; বি ই ই বকোৰ টিম ; ইৰিকেশ্বন বিভাগৰ টিম ; বিদ্যুৎ বিভাগৰ টিম ; পলিক্লিনিক ৰিচাৰ্ছ চেন্টাৰৰ টিম আৰু বকো ৰাজহ চক্ৰৰ টিমে যোগদান কৰে। বকোৰ বিশিষ্ট ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতাই মুখ্য বিচাৰক হিচাপে থকা খেল খনত জীতু মহন্ত ; সঞ্জয় চৌধুৰী আৰু ৰবীন কলিতাই আম্পীয়াৰৰ দায়িত্ব পালন কৰে।
ন