ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ দুদিনীয়া অসম ভ্ৰমণ
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈ বুধবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয়। বিমান বন্দৰত সভাপতি ৰঞ্জিত দাসসহ দলীয় কৰ্মীয়ে আদৰণি জনোৱাৰ পিছত গুৱাহাটীলৈ ৰাওনা হয়। দুপৰীয়া ১২.৩০ বজাত বিজেপি,অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ উপস্থিতিত ৰাজ্যিক বিষয়ববীয়া সভা দলৰ অংশগ্রহণ কৰিব ৷ তাৰ পিছত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত জিলা সভাপতি আৰু জিলা প্ৰভাৰীৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰিব। শংকৰদেৱ কলাক্ষেত্ৰত মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদক, কোষৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ লগত দলীয় বৈঠকত অংশগ্ৰহণ কৰিব।সন্ধিয়া শংকৰদেৱ কলাক্ষেত্ৰত মুখপাত্ৰ, পেনেলিষ্ট, সংবাদ কোষ, সামাজিক মাধ্যম কোষ, তথ্য-প্ৰযুক্তি কোষৰ সৈতেও দলীয় বৈঠকত অংশগ্ৰহণ কৰিব। নিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এক বৈঠকত মিলিত হ’ব ৷ কাইলৈ পুৱা ৮ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰি ১১ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৈজয়ন্ত জয় পাণ্ডাই শংকৰদেৱ কলাক্ষেত্ৰস্থিত প্ৰেক্ষাগৃহত কৃষক সন্মিলনত অংশগ্ৰহণ কৰিব। দিনৰ দুই বজাত শংকৰদেৱ কলাক্ষেত্ৰস্থিত বাণীকান্ত ভৱন প্ৰেক্ষাগৃহত এক সংবাদ মেল সম্বোধন কৰি উভতি যাব।