বিজেপি মহিলা মৰ্চাৰ বক্তৃতা প্ৰতিযোগিতা
ছয়গাঁও : বিজেপি দলে দলৰ কৰ্মকৰ্তা সকলক প্ৰশিক্ষণ দিয়াৰ ন ন কৌশল লৈছে। বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত আজি ছয়গাঁও মণ্ডল মহিলা মৰ্চাই ছয়গাঁও মণ্ডল বিজেপিৰ কাৰ্যালয়ত এক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰে । বিজেপি দলৰ মহিলা সকলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত বীনা দত্তই প্ৰথম পুৰস্কাৰ, ৰাখী দে দ্বিতীয় পুৰস্কাৰ আৰু ললিতা কলিতাই তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাৰ অন্তত ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডল কাৰ্যালয়ত বঁটা বিতৰণী সভা খন অনুষ্ঠিত হয় । এই সভাত সভাপতিত্ব কৰে ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী ভাগ্য দলৈয়ে । সভাত মুখ্য অতিথি হিচাপে উপস্হিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ৰাজ্যিক প্ৰাক্তন কাৰ্যনিৰ্বাহক তথা বিজেপিৰ জেষ্ঠ কাৰ্যকৰ্তা নিংকু হুজুৰী, ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডলৰ সভাপতি প্ৰফুল্ল মেধীকে প্ৰমুখ্যে কৰি মহিলা মৰ্চাৰ বহুতো নেত্ৰী তথা কৰ্মী ।