আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, November 8, 2020

আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

 আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ


নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতি খনে দেওবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে ৷উল্লেখযোগ্য যে ভাৰতৰ বিখ্যাত এই স্বেচ্ছাসেৱী সংগঠনটোৰ কামৰূপ জিলা সমিতিখন অলপতে গঠন কৰা হয় ৷ নামখাটিৰাৰ মহেন্দ্ৰ ৰাভাক সভাপতি,বামুণীগাঁৱৰ প্ৰবীণ দাসক কাৰ্যকৰী সভাপতি,বনগাঁৱৰ পক্ষেশ্বৰ কলিতাক উপ-সভাপতি,২নং জামবাৰীৰ ৰঞ্জন কলিতাক সাধাৰণ সম্পাদক,২নং জামবাৰীৰ গহেৰ আলী আৰু বাঁহজানীৰ নলিনী কলিতাক সাংগঠনিক সম্পাদক আৰু গৰৈমাৰীৰ আনিছ আহমেদ ভূঞা আৰু টুক্ৰাপাৰাৰ চাইফুল ইছলামক কাৰ্যকৰী সদস্য হিচাপে লৈ কামৰূপ জিলা সমিতিখন গঠন কৰা হয় ৷ অসম ৰাজ্যিক শাখাৰ যুটীয়া সম্পাদক সঞ্জীৱ ঠাকুৰীয়াই এক সংবাদ মেলত কামৰূপ জিলা সমিতিখনে কাৰ্যভাৰ লোৱা সম্পৰ্কত অৱগত কৰে ৷ অসম ৰাজ্যিক শাখাৰ যুটীয়া সম্পাদক সঞ্জীৱ ঠাকুৰীয়াই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰধান উদ্দেশ্য আগত ৰাখি কাম কৰা ভাৰতৰ এই বিখ্যাত স্বেচ্ছাসেৱী সংগঠনটোৰ কামৰূপ জিলাকে ধৰি বৰ্তমানলৈকে ২০ খন জিলা সমিতি গঠন কৰা হয় বুলি জানিবলৈ দিয়ে ৷ আনহাতে সমাজৰ পৰা অপৰাধ আৰু দুৰ্নীতি মুক্ত কৰা,নাৰী সুৰক্ষা তথা নাৰী সৱলীকৰণৰ বাবে কাম কৰা,পৰিৱেশ সম্পৰ্কত কাম কৰা,হিংসা আৰু বিদ্বেষৰ বিৰুদ্ধে কাম কৰা,শিশু সকলৰ বাবে কাম কৰাৰ লগতে সাধাৰণ লোকৰ মৌলিক অধিকাৰৰ হকে কাম কৰি থকা আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ সকলো কাম কাজত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ ৰাইজক আহ্বান জনাই ৷ নৱ গঠিত কামৰূপ জিলা সমিতিখনৰ প্ৰথম কাম জিলাখনত থকা উদ্যোগ সমূহৰ প্ৰদুষণ নিয়ন্ত্ৰণৰ কাম তথা প্ৰদুষণৰ বিৰুদ্ধে অভিযান চলোৱা ৷ প্ৰথমে ছয়গাঁৱৰ ছাটাবাৰীত থকা উদ্যোগ সমূহৰ প্ৰদুষণৰ বিষয়ে কাম কৰিব বুলিও সংবাদমেলত ৰাজ্যিক শাখাৰ যুটীয়া সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে ৷ আজিৰ সংবাদ মেলত জিলাৰ নৱনিৰ্বাচিত বিষয় ববীয়া সকলৰ লগতে জিলা শিক্ষা সমিতিৰ সম্পাদক শ্ৰীমন্ত দৈমাৰীয়ো উপস্থিত আছিল ৷


Post Bottom Ad

Responsive Ads Here