বকোৰ শিংৰাত সম্পন্ন লুকী মৌজা কোচ ৰাজবংশী সন্মিলনীৰ অধিবেশন
বকোৰ পৰা বিষ্ণু ৰাম দাস : ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰি কোচ ৰাজবংশীৰ জন্মস্বত্ব অধিকাৰ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ অন্যতম জিলা সমিতি গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়ে। উল্লেখ্য দেওবাৰে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত শিংৰাত লুকী মৌজা কোচ ৰাজবংশী সন্মিলনীৰ দ্বি বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত হয় শিংৰাস্থিত পূৰণমল জৈন ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত। লুকী মৌজা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দীপক কুমাৰ ৰয়ৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সহশ্ৰাধিক কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক উপস্থিত থকা অধিবেশনৰ সাধাৰণ সভাত জনগোষ্ঠীটোৰ সাংগাঠনিক দিশ ; নীতি নিৰ্দেশনা ; আভ্যন্তৰীণ বিষয়ৰ আলোচনা ; জনগোষ্ঠীটোৰ বৰ্তমানৰ চৰকাৰী স্থিতিৰ ওপৰত আলোকপাত কৰা হয় আৰু বিষয় ববীয়া সভাৰ জৰিয়তে গঠন কৰা হয় লুকী মৌজা কোচ ৰাজবংশী সন্মিলনী পৰিচালনা সমিতি খন। সভাত জ্যোতিষ লহকৰক সভাপতি ; উপ সভাপতি হিচাপে লোহিত দাস আৰু বনমালী দাস মনোনীত আৰু শংকৰ ৰয়ক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হয় লুকী মৌজা কোচ ৰাজবংশী সন্মিলনীৰ পৰিচালনা সমিতি খন। ইয়াৰ পিছতে শেৱালী পাটোৱাৰীক সভানেত্ৰী আৰু ৰীণা ৰয়ক সম্পাদিকা হিচাপে মনোনীত কৰি গঠন কৰা হয় লুকী মৌজা কোচ ৰাজবংশী মহিলা সন্মিলনী পৰিচালনা সমিতি খন। আনহাতে সংগঠনটোৰ অধিবেশনৰ সভাত কোচ ৰাজবংশী জনগোষ্ঠীটোৰ ভিন্ন সমস্যা সমাধানৰ লগতে চৰকাৰে সুদীৰ্ঘ দিন ধৰি বঞ্চনা - প্ৰতাৰণা কৰি অহাত জনগোষ্ঠীটোৰ সমস্যা সমাধান নহোৱাটো প্ৰধান কাৰণ হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি দীপক কুমাৰ ৰয়ে। চৰকাৰে যদি সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কোচ ৰাজবংশী সকলোক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰে এই ক্ষেত্ৰত চৰকাৰক উচিত উত্তৰ দিবলৈ নো এছ টি ; নো ৰেষ্ট আৰু নো ভোট ঘোষণা কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰয়ে।