বঙাইগাঁৱত মুখ্য মন্ত্ৰীৰ বিভিন্ন উন্নয়ন মূলক অনুষ্ঠানত অংশগ্ৰহণ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, November 13, 2020

বঙাইগাঁৱত মুখ্য মন্ত্ৰীৰ বিভিন্ন উন্নয়ন মূলক অনুষ্ঠানত অংশগ্ৰহণ

 বঙাইগাঁৱত মুখ্য মন্ত্ৰীৰ বিভিন্ন উন্নয়ন মূলক অনুষ্ঠানত অংশগ্ৰহণ

নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱত 'চহৰ আন্তঃগা‍ঁথনি উন্নয়ন পুঁজি' (CIDF)ৰ অধীনত নির্মাণ হ'বলগীয়া কোচ-ৰাজবংশী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে শুক্ৰবাৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয়  ফণীভূষণ চৌধুৰী, পীযুষ হাজৰিকা আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও বিসৰ্জন ঘাটৰ উন্নয়ন সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়িবলৈ নতুন প্ৰকল্পটোৰ জৰিয়তে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ অন্যতম ঐতিহ্যপূৰ্ণ বাণিজ্যিক চহৰ বঙাইগাঁৱৰ আন্তঃগাঁথনি উন্নীতকৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ। মুখ্যমন্ত্ৰী  সোণোৱালে 'চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি' (CIDF)ৰ অধীনত বঙাইগাঁৱৰ ইক' পাৰ্কত Public Aquarium and Ornamental Fish Breeding Centre, ইক' পার্ক আৰু ইয়াৰ দাঁতি-কাষৰীয়া জলাশয়ৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। বঙাইগাঁও চহৰৰ সৌন্দৰ্যবৰ্ধনৰ দিশত এক নতুন সংযোজন। মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে ২৫ লাখ টকা ব্যয়সাপেক্ষে চিলাৰায় উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ হ'বলগীয়া সুদৃশ্য ক্ল'ক টাৱাৰৰ আধাৰশিলা স্থাপন কৰে। বঙাইগাঁৱৰ যাতায়াত-যোগাযোগ ব্যৱস্থাক অধিক সুচল কৰাৰ লক্ষ্যৰে  মুখ্য মন্ত্ৰীয়ে  বঙাইগাঁৱৰ বৰপাৰাত নিৰ্মাণ হ'বলগীয়া বাছ টাৰ্মিনেল আৰু সংলগ্ন ক্ষেত্ৰৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে।

Attachments area

Post Bottom Ad

Responsive Ads Here