কুকুৰমাৰা বন বিভাগৰ অভিযান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, November 8, 2020

কুকুৰমাৰা বন বিভাগৰ অভিযান

 কুকুৰমাৰা বন বিভাগৰ অভিযান

গৰৈমাৰী লাৰুৱাজানত চোৰাং কাঠ জব্দ


নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ  : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত গৰৈমাৰীৰ লাৰুৱাজানত যোৱা নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ ফলাকাঠ জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া ৰঞ্জন গোস্বামীৰ নিৰ্দেশ মৰ্মে কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে যোৱা নিশা প্ৰায় ১২ বজাৰ পৰা পুৱতি নিশালৈ গৰৈমাৰীৰ লাৰুৱাজানত অভিযান চলাই প্ৰায় ৭০ কেবি চেগুন আৰু মাকৰি শাল জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ফলা কাঠখিনিৰ মূল্য প্ৰায় ৮০ হেজাৰ টকা হব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ বিশেষ খবৰৰ ভিত্তি উক্ত অঞ্চলত অভিযান চলাই ফলা কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা কাঠ খিনি কুকুৰমাৰা খণ্ড বন বিষয়া কাৰ্যালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ।



Post Bottom Ad

Responsive Ads Here