আশা কৰ্মীৰ মাননী বৃদ্ধি তথা চাকৰি নিয়মীয়াকৰণৰ দাবী
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ আজাৰা, পলাশবাৰী, উপৰহালী, ৰামপুৰ, ছয়গাঁও, গৰৈমাৰী, বকো, নগৰবেৰাৰ ৮টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী সকলে আজি ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰত মিলিত হৈ চাকৰি নিয়মীয়াকৰণ, মাননী বৃদ্ধিৰ লগতে কেবাটাও সমস্যা আলোচনাৰ বাবে মিলিত হয় । আশা কৰ্মী সকলে তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । আশা কৰ্মী সকলৰ হৈ চীতা মহন্তই, হিমানী দাস, ক্ষিৰোদা দাস দিলোৱাৰা বেগমে সাংবাদিকক জানিব দিয়া মতে চৰকাৰে তেওঁলোকক মাহিলী ৩ হেজাৰ কৈ মাননী দিয়ে যদিও সেয়া ও নিয়মীয়া নহয় । আনহাতে যোৱা এপ্ৰিল মাহৰ পৰা আশা কৰ্মী সকলক বানচ দিয়াৰ বাবে ১ হেজাৰকৈ কৰ্তন কৰি ৰাখিছে যদিও বৰ্তমানলৈ তেওঁলোকে কোনো বানচ লাভ কৰা নাই । আশা কৰ্মী সকলক প'লিঅ' ডিউটিৰ বাবে প্ৰতিদিনে ৭৫ টকাকৈ আৰম্ভণীৰ পৰা বৰ্তমানলৈ মাননি দি আছে । এই মাননী বৃদ্ধি কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায় । আনহাতে আশা কৰ্মী সকলক কভিডৰ ডিউটিত নিয়োগ কৰি প্ৰথম ৩ মাহৰ মাননি দিছিল পিছে বৰ্তমান ক'ভিডৰ দায়িত্ব বাঢ়িছে যদিও কোনো মাননী পোৱা নাই । আনহাতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন আঁচনিৰ কণ্ডম, ওৱাৰেচ, আইৰণ, নিমখ আদিৰ কামত সামন্য মাননী দি আশা কৰ্মী সকলক কাৰ্য সম্পাদন কৰিবলৈ দিছে । তদুপৰি কোনো মহিলাই সন্তান জন্ম দিয়াৰ পিছত প্ৰথম আৰু দ্বিতীয় সন্তানটোৰ জন্ম হলে আশা কৰ্মী সকলক ৬০০ টকাকৈ মাননী দিয়ে যদিও ৩ য় আৰু ৪ ৰ্থ সন্তানৰ জন্ম হলে আশা কৰ্মী সকলে কোনক ধৰণৰ মাননি নাপায়। আশা কৰ্মী সকলে ক্ষোভেৰে কয় যে তেওঁলোকে আনৰ পৰিয়ালৰ পৰিপুষ্টিৰ বাবে কাৰ্য সম্পাদন কৰে যদিও উপযুক্ত মাননি নোপোৱাত আশা কৰ্মী সকলৰ পৰিয়াল পুষ্টিহীনতাত ভূগিব লগা হৈছে । মূল্যবৃদ্ধিৰ এই দিনত তেওঁলোকক দি থকা মাননিৰ বিপৰীতে নিৰ্দিষ্ট হাৰত দৰমহা দি আশাকৰ্মী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ।