গাঞ্জা সহ দুজন আটক - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, November 10, 2020

গাঞ্জা সহ দুজন আটক

গাঞ্জা সহ দুজন আটক


নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত মঙ্গলবাৰে সন্ধিয়া  অভিযান চলাই গৰৈমাৰীৰ কান্দুলীমাৰীত প্ৰায় ৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জা খিনিৰ মূল্য প্ৰায় ১ লাখ হব বুলি অনুমান কৰা হৈছে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি গৰৈমাৰীৰ কান্দুলীমাৰী ছৰবেছ আলী নামৰ লোকজনে গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ছৰবেছ আলীৰ ঘৰত দুজন লোকে গাঞ্জা আনি থকা অৱস্থাত চৰবেছ আলীৰ ঘৰত আৰক্ষীয়ে লোক দুজনক আটক কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীক দেখা মাত্ৰে ছৰবেছ আলী পলায়ন কৰে । আৰক্ষীয়ে আটক কৰা লোক দুজন হল বকো আৰক্ষী থানাৰ অন্তৰ্গত মাহতলীৰ দুলাল হুছেইন আৰু ছমৰীয়া পামৰ কালাম আলী ।



 

Post Bottom Ad

Responsive Ads Here