বকোৰ শিংৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে ধাৰ্য্য কৰা ধনেৰে নিৰ্মিত বৃহৎ সাংস্কৃতিক মঞ্চ উদ্বোধন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, November 10, 2020

বকোৰ শিংৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে ধাৰ্য্য কৰা ধনেৰে নিৰ্মিত বৃহৎ সাংস্কৃতিক মঞ্চ উদ্বোধন

বকোৰ শিংৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে ধাৰ্য্য কৰা ধনেৰে নিৰ্মিত সাংস্কৃতিক মঞ্চ উদ্বোধন


বকোৰ পৰা বিষ্ণু ৰাম দাস : ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে অনুমোদন কৰা অনুদানেৰে নিৰ্মিত বৃহৎ সাংস্কৃতিক মঞ্চ এখন মঙ্গলবাৰে কামৰূপ জিলাৰ শিংৰাত শুভ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। বকো ৰাজহ চক্ৰৰ অন্তৰ্গত শিংৰা - পালাহপাৰা যুৱক সংঘৰ ক্ৰীড়া ক্ষেত্ৰত নিৰ্মাণ কৰা বৃহৎ সাংস্কৃতিক মঞ্চ খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা অনুস্থানৰ লগত সংগতি ৰাখি আয়োজন কৰা মঞ্চ উদ্ধোধনী সভাত উপস্থিত থাকে কামৰূপ জিলা পৰিষদৰ উপ সভাপতি কাম্বু ৰাম ৰাভা ; ৰা: হা: স্বা: শা: পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী ; ফ্ৰাইলিং আৰ মাৰাক ; আদিত্য ৰাভা ; ৭৪ নং গাওঁ পঞ্চায়তৰ সভাপতি ভাস্কৰ ৰাভা ; শিংৰা - পালাহপাৰা উন্নয়ণ সমিতিৰ সভাপতি সিদ্ধেশ্বৰ ৰাভা ; উপদেষ্টা মহেন্দ্ৰ ৰাভা ; বকো আঞ্চলিক গাওঁ পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়োকে ধৰি বহু কেইজন বিশিষ্ট অতিথি। সাংস্কৃতিক মঞ্চ উদ্ধোধনী অনুষ্ঠানত অতিথি সকলোক সম্মান প্ৰদান কৰাৰ পিছতে উদ্ধোধনী সমবেত সংগীত পৰিবেশন কৰা হয়। শিংৰা - পালাহপাৰা যুৱক সংঘৰ সভাপতি জীৱেশ্বৰ পাঠকৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মঞ্চ উদ্বোধনী ৰাজহুৱা সভাৰ আদৰণি ভাষণ দিয়ে দীপক কুমাৰ ৰয়ে। সংঘৰ উপ সভাপতি শংকৰ ৰয়ে আত ধৰা অনুস্থানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত শিংৰা - পালাহপাৰা অঞ্চলৰ ভৌগোলিক পৰিবেশত ভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ; সংস্কৃতিৰ মহামিলনৰ পটভূমি বুলি আখ্যায়িত কৰে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ খন এই অঞ্চলৰ সমুহীয়া ৰাইজৰ উন্নয়ণৰ চৰকাৰ বুলি ঘোষণা কৰি এই অঞ্চলৰ সমুহীয়া উন্নয়ণ পৰিষদ খনৰ লক্ষ্য আৰু উদ্দেশ্য। ৰাভা হাছং পৰিষদৰ উন্নয়ণৰ পূজি এই অঞ্চলৰ সমুহীয়া উন্নয়ণৰ কামত ব্যৱহাৰ কৰি জাতি জনগোষ্ঠীৰ সম উন্নয়ণ সম বিকাশৰ ধাৰা অব্যাহত ৰাখিছে বুলি জানিব দিয়ে।

Post Bottom Ad

Responsive Ads Here