ছয়গাঁও : কামৰূপ জিলাৰ সহকাৰী ৰেচম সঞ্চালক মানবেন্দ্ৰ শইকীয়াৰ তত্বাৱধানত এৰী পলুৰ কণী উৎপাদনৰ বাবে শণিবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো অঞ্চলৰ ৩৫ গৰাকী এৰী পালকৰ পৰা এক লাখ এৰীৰ সঁচুৱা লাট সংগ্ৰহ কৰে।উল্লেখযোগ্য যে কামৰূপ জিলাৰ এৰী পালক সকলে দুগুণ উৎসাহেৰে এৰী পলু পালনত ব্ৰতী হৈছে ৷ কৰ্দ্দৈগুৰি, দলেদঙা, মেখামদল, ফালাফাং, সাতেকণা আৰু গহলকণাৰ পৰা ৰেচম প্ৰদৰ্শক তাছিৰ আহমেদ, অজিত দাস, চবিন বৰ্মন, জুৰি দাস আৰু মহম্মদ জিন্নাই নিজ নিজ ৰেচম চক্ৰৰ পৰা সংগ্ৰহ কৰা এই এক লাখ এৰীৰ সঁচুৱা লাট কামৰূপ জিলাৰ বৰদুৱাৰ এৰী সঁচ উৎপাদন কেন্দ্ৰত যোগান ধৰে ৷ উল্লেখযোগ্য যে সহকাৰী সঞ্চালক আৰু তেখেতৰ অধীনস্থ ৰেচম প্ৰদৰ্শক সকলে এৰী পালক সকলক উন্নত মানৰ সঁচুৱা লাট উৎপাদনৰ বাবে প্ৰশিক্ষণ দিয়াৰ ফলত এৰী পালকসকল যথেষ্ট পৰিমাণে লাভান্বিত হৈছে ৷ আনহাতে প্ৰতিটো এৰীৰ সঁচুৱা লাট পালক সকলৰ পৰা বিভাগে এটকাকৈ মূল্য নিৰ্ধাৰণ কৰি ক্ৰয় কৰিছে। বৰদুৱাৰ এৰী সঁচ উৎপাদনৰ বাবে সংগ্ৰহ কৰা এই এক লাখ সঁচুৱা লাটৰ পৰা ১৫ দিনৰ পিচত প্ৰায় ৪০ কিলোগ্ৰাম কণী উৎপাদন হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য কামৰূপ জিলাত উৎপন্ন হোৱাএই এৰী সঁচ অসমৰ বিভিন্ন জিলাৰ চৰকাৰী ফাৰ্ম আৰু ব্যক্তিগত পলুপালক সকলৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যোগান ধৰা হয় ৷ কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ পৰা প্ৰশংসিত বৰদুৱাৰত উৎপাদিত এই সঁচ যথেষ্ট উন্নত মানৰ। সহকাৰী সঞ্চালক শইকীয়াই আৰু ৰেচম প্ৰদৰ্শকসকলৰ এই কৰ্মক পলুপালক সকলে শলাগ লৈছে ৷
Post Top Ad
Responsive Ads Here
Post Bottom Ad
Responsive Ads Here
Author Details
‘জনসেৱা’ চৰকাৰী পঞ্জীয়নভুক্ত এক বে-চৰকাৰী সংস্থা। পঞ্জীয়ন নং- KAM (R) /264/C/29 of 2014-2015। দক্ষিণ কামৰূপৰ ছয়গাঁৱক মুখ্য কাৰ্যালয় হিচাপে লৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। ২০০৯ চনৰ ২৫ জুলাইত মাহেকীয়া বাৰ্তালোচনী ‘জনসেৱা’ প্ৰকাশ কৰাৰ পিছৰে পৰা এই সংস্থা গঠন কৰা হয়।.