বন বিভাগৰ ফোপালা স্বৰূপ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, October 4, 2020

বন বিভাগৰ ফোপালা স্বৰূপ



বকো : বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত চলি থকা অসমৰ বন বিভাগৰ পঁয়ালগা স্বৰূপ পুনৰ আহিল পোহৰলৈ। কামৰূপ জিলাত অৱস্থিত পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লামপাৰা বন খণ্ড কাৰ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন টাটা ডিআই (AS 01AC 0218) ট্ৰাক ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা খাৱৈত বাগৰি পৰে। কথমপি ৰক্ষা পৰে টাটা ডিআই খনৰ চালক। কিন্তু, আপোনালোকে জানি আচৰিত হব যে, উক্ত টাটা ডিআই খনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধ কাঠ কয়লা লামপাৰা বনখণ্ড কাৰ্যালয়ৰ সন্মুখেৰে বকো অভিমূখে কঢ়িয়াই আনি থকা অৱস্থাত পতিত হয় দূৰ্ঘটনাত। জানিব পৰা মতে উক্ত বাহনখনে বকো আৰক্ষীৰ নৈশ পৰ্যবেক্ষণ বাহন এখনে সন্দেহবশতঃ ৰখাব চেষ্টা কৰোতে ডি আ ই খনে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা খাৱৈত বাগৰি পৰে। কিন্তু পৰিতাপৰ বিষয় এয়ে যে কিদৰে প্ৰায় ৩০০ বেগ কাঠ কয়লা (যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩ লাখ টকা) কঢ়িয়াই অনা গাড়ীখন বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যায় ? এই দূৰ্ঘটনাটোৱে ৰাজ্যৰ বন বিভাগৰ 'উদক ভেটা ৰখীয়া পতা' স্বৰূপটো উদঙাই দেখুৱালে।

Post Bottom Ad

Responsive Ads Here