গাড়ী চোৰ আটক
নিউজ ডেস্ক ৰিপোৰ্ট, জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া এক অভিযান চলাই গৰৈমাৰীৰ পৰা এজন বাইক চোৰক আটক কৰাৰ লগতে এখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰে ৷ চোৰগৰাকী বৰভিঠাৰ আব্দুল জলিল ৷ জানিবপৰামতে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা এক অভিযানত ছয়গাঁৱৰ গুমীৰ পৰা এ এছ ২৫ এইছ ৫৪৬৩ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে ৷ মটৰ চাইকেলৰ গৰাকীয়ে গাড়ীখনৰ সকলো কাগজ পত্ৰ দেখুৱাই যদিও আৰক্ষীৰ সন্দেহ হোৱাত আৰক্ষীয়ে মটৰ পৰিবহণ বিভাগৰ ৱেৱচাইডত চাই একে নামেৰে আন এজন লোকৰ নামত আন এখন পঞ্জীয়ন কৰা নথিপত্ৰ লাভ কৰে ৷ পিচত আৰক্ষীয়ে গাড়ীৰ গৰাকীক সোধাপোছা কৰাত লোকজনে বৰভিঠাৰ আব্দুল জলিলৰ পৰা মটৰ চাইকেলখন ক্ৰয় কৰা বুলি কয় ৷ আৰক্ষীয়ে লোকজনক লৈ গৈ আব্দুল জলিলক গৰৈমাৰীত থকা মটৰ চাইকেলৰ গেৰেজৰ পৰা আটক কৰে। জানিব পৰামতে গুমীৰ লোকজনক মটৰ চাইকেল খন বিক্ৰীৰ সময়ত আব্দুল জলিলে হাজোৰ হাচিমাৰ ৰহমান নামৰ লোকজনৰ নামত থকা পঞ্জীয়ন কাৰ্ড দেখুৱাইছিল যদিও বৰ্তমানলৈকে মটৰ চাইকেলখন ক্ৰয় কৰা লোকজনৰ নামত কাগজ পত্ৰ হোৱা নাছিল ৷ অৱশেষত ছয়গাঁও আৰক্ষীয়ে উক্ত নম্বৰৰ মটৰ চাইকেলখন চুৰি বুলি তথ্য লাভ কৰে।