বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক পদ্ম হাজৰ... - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, October 26, 2020

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক পদ্ম হাজৰ...

জনসেৱা লাইভ প্ৰতিবেদক, জামুগুৰীহাট : সোমবাৰে জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত এক সংবাদমেল যোগে বিধান সভাৰ বিভাগীয় সংসদীয়  কমিটিত বিধায়ক গৰাকী উপস্থিত থকা বুলি একাংশ ৰাজনৈতিক ব্যক্তিয়ে মন্তব্য কৰা বিষয়কলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তালিকাত পদ্ম হাজৰিকাৰ নামটোক লৈ সৃষ্টি হোৱা  বিতৰ্কক লৈ নিজৰ স্থিতি স্পষ্ট কৰে বিধায়ক পদ্ম হাজৰিকাই ৷  বিধায়ক গৰাকীৰ মন্তব্য -মোৰ নাম তালিকাত আছে যদিও মই কোনো মিটিংত উপস্থিত নাই আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞাঁ সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাই ৷ মই উপস্থিত নথকাকৈয়ে মোৰ নামটো  একাংশ সংবাদ প্ৰকাশ কৰি থকাটোত মই আশ্চৰ্য্য প্ৰকাশ কৰিছো ৷ মই থকা কোনো সভাত মিঞাঁ সংগ্ৰাহলয়ৰ প্ৰস্তাৱ লবলৈ নিদিলোহেতেঁন ৷ বিধায়ক গৰাকীয়ে কয় - শ্বেৰমান আলীহঁতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে ৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হব পৰা কোনো কাৰ্য আমি এইখন অসমত হবলৈ নিদিওঁ ৷ অসমৰ সকলো দল সংগঠন এনে কাৰ্য্যৰ বিৰুদ্ধে ওলায় নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ অজিত ভূঞাঁৰ দৰে এজন সাংসদে  বদৰুউদ্দিনৰ দৰে মানুহক মুখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি কোৱা বিষয়টোত মই এজন ভাল অসমীয়া হিচাপে লজ্জা অনুভৱ কৰিছো বুলিও বিধায়ক হাজৰিকাই মন্তব্য কৰে।

Post Bottom Ad

Responsive Ads Here