বাহিৰৰ প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ তীব্ৰ বিৰোধিতা অগপ নেতা ডাঃ কমলা কলিতাৰ
জনসেৱা লাইভ', ১৯ মে : শেহতীয়া ভাবে ৰাজ্য চৰকাৰে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিবলৈ যোজা চলাই থকাৰ সময়ত চৰকাৰৰ সহযোগী দলৰ নেতাই তীব্ৰ বিৰোধিতা কৰিছে । আজি অসম চৰকাৰৰ সহযোগী অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ খাদী আৰু গ্ৰামদ্যোগ বৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই এক সংবাদমেল যোগে অসম চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰে । অগপ নেতা গৰাকীৰ ছয়গাঁৱস্থিত বাসগৃহত অনুষ্ঠিত সংবাদমেলত উল্লেখ কৰা অনুসৰি যি সময়ত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি চলি থকাৰ লগতে খিলঞ্জীয়া মানুহে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ দাবী কৰি থকাৰ সময়ত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি দিব ওলোৱা কোনো গ্ৰহণযোগ্য নহয় । এনে কাৰ্যই অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ হব বুলি উল্লেখ কৰে । অগপ নেতা গৰাকীয়ে অসমখন এৰাবাৰী হব নোৱাৰে বুলি উল্লেখ কৰি অন্য ৰাজ্যত অসমীয়া লোকৰ কাৰণে কোনো ধৰণৰ নিযুক্তিৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰে । শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবিধানৰ দোহাই দি ৰাজ্যত বাহিৰৰ প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি দিব ওলোৱা কাৰ্যক সমালোচনা কৰি অসমত শিক্ষাকতা কৰা সকলো শিক্ষকে অসমীয়া জানিবই লাগিব বুলি উল্লেখ কৰি অসমত বসবাস কৰা হিন্দী ভাষী আৰু বাংলা ভাষী লোকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত আপত্তি নাই বুলি কয় । সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন ৰেল বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত অসমীয়াক বঞ্চিত কৰা বুলি উল্লেখ কৰি উত্তৰ-পূব সীমান্ত ৰেলত শিলিগুৰিৰ পৰা হোৱা ৫১ গৰাকী নিযুক্তিত এগৰাকীও প্ৰাৰ্থী নাই বুলি উল্লেখ কৰি গুৱাহাটীৰ পৰা হোৱা নিযুক্তিত ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬ গৰাকীহে নিযুক্তি দিয়া বুলি হে উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে ।