দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সৌজন্যত সৰপাৰাত ২১ জন জ্যেষ্ঠলৈ সন্মান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, May 14, 2023

দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সৌজন্যত সৰপাৰাত ২১ জন জ্যেষ্ঠলৈ সন্মান

দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সৌজন্যত সৰপাৰাত ২১ জন  জ্যেষ্ঠলৈ সন্মান 


জনসেৱা লাইভ, ১৪ মে' : আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সৌজন্যত কামৰূপ জিলাৰ "সৰপাৰা হাইস্কুল" প্ৰাংগণত বৃহত্তৰ অঞ্চলটোৰ ২১ জন বয়োজ্যেষ্ঠ ভিন ভিন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ ভিতৰত কৃষক, চিকিৎসক, শিক্ষক, সাহিত্যিক, অভিযন্তা, সত্ৰাধিকাৰ, খেলুৱৈ আদি উল্লেখযোগ্য । দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে মঞ্চৰ ‌‌উপদেষ্টা তথা সাংবাদিক দীপক শৰ্মাই । সভা উদ্বোধন কৰি বিশিষ্ট গল্পকাৰ তথা ছয়গাঁৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ নগেন কলিতাই কয়- "প্ৰতিজন অভিভাৱকে সন্তানক সমাজৰ কথা শিকাব লাগে । সমাজ ব্যৱস্থাত জ্যেষ্ঠলৈ কিদৰে সন্মান - শ্ৰদ্ধা  কৰিব লাগে, সেই সম্পৰ্কে  অভিভাৱকসকলে সন্তানক শৈশৱৰ পৰা মাৰ্গ  দৰ্শন দিব লাগে । প্ৰতিজন মানুহে নিজৰ কথা চিন্তা নকৰি  সমাজৰ-দহৰ কথা চিন্তা কৰিব লাগে ।" সভাৰ মুখ্য অতিথি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড০ নৰকান্ত অধিকাৰীয়ে কয়- জ্যেষ্ঠ অবিহনে সমাজ গতিশীল নহয় । প্ৰতিজন জ্যেষ্ঠ মানুহে জন্মৰ পৰা  বৰ্তমানলৈ কি কৰিলে, ক'ত কাক লগ পালে তাহানিৰ সমাজ ব্যৱস্থা সেই সম্পৰ্কে লিখিলে এখন এখন মহৎ গ্ৰন্থ হৈ উঠিব । জ্যেষ্ঠসকলে অনুজ সকলক অকৃত্ৰিম মৰম-স্নেহ কৰিলেহে তেওঁলোকে এদিন সচাঁ অৰ্থত শ্ৰদ্ধা আদায় কৰিব পাৰিব ।" সভাত অংশ লৈ পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনীষা ভট্টাচাৰ্যই কয়- "সচেতন মঞ্চৰ চিন্তা বিশ্বজনীন । তেওঁলোকৰ  আদৰ্শ সকলোৰে বাবে আদৰণীয় । ঈৰ্ষণীয় ।" সভাত    জালুকবাৰীস্থিত অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডা: ধনেশ্বৰ কলিতা, বৰিহাটৰ উমাকান্ত- চন্দ্ৰকান্ত ৰাজ্যিক চিকিৎসালয়ৰ মুৰব্বী চিকিৎসক ডা: চন্দনা  মেধি দাস, বঙৰা শ্ৰীশংকৰদেৱ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক  গৌৰীকান্ত নাথ, সদৌ অসম কাবাডী সন্থাৰ উপ-সভাপতি প্ৰবীণ চন্দ্ৰ দাস,   মিৰ্জাৰ পৰা লাডাখলৈ খোজ কঢ়া কৃতী খেলুৱৈ অঞ্জলী দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধা আৰু সৰপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়া, আন্ত:জাৰ্তিক  খাদী কাপোৰৰ ব্যৱসায়ী হৰেণ চন্দ্ৰ দাস  বিশিষ্ট অতিথি হিচাপে অংশ লৈ সচেতন মঞ্চৰ‌  চিন্তা বৰ মহৎ । সভাত প্ৰফুল্ল পাঠক (সৰপাৰা), মদন চন্দ্ৰ ভট্টাচাৰ্য (মিৰ্জা), যতীন কলিতা (পলাশবাৰী), ইদ্ৰিছ আলী (মণিএৰী তিনিআলি),  মীনাময়ী শৰ্মা (ৰঙামাটি), চন্দ্ৰপ্ৰভা দেৱী(বাটৰ হাট), প্ৰতিভা দাস (সৰপাৰা), প্ৰভাত ডেকা (সৰপাৰা), ৰমেশ দাস(সৰপাৰা), গজেন চন্দ্ৰ দাস (মিৰ্জা), ৰমেশ চন্দ্ৰ তালুকদাৰ (বঙৰা), অমৃত কলিতা (মিৰ্জা), ফটিক চন্দ্ৰ দাস(ৰঙামাটি), বীৰেণ  কলিতা(মাজকুচি), দৈব্যবালা চৌধুৰী(বঙৰা), দিলীপ কুমাৰ মজুমদাৰ (মিৰ্জা) আদি ২১ জন বিশিষ্ট তথা বয়োজ্যেষ্ঠ ব্যক্তিক ফুলাম গামোচা, মানপত্ৰ, গছৰ পুলি আদিৰে সন্মান জ্ঞাপন কৰে । অনুষ্ঠানত সচেতন মঞ্চৰ অন্যতম সম্পাদক সীমান্ত দাসে বৰগীত পৰিবেশন কৰা সভাত মঞ্চৰ আন এগৰাকী সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য ধৰ্মেন্দ্ৰ দাস, লফিকুল হক, জেউতী দাস, ৰুমী মহন্ত, বৰষা তালুকদাৰ দাসে অংশ লৈ সচেতন মঞ্চই লোৱা পৰিকল্পনা, সচেতনতা আদিৰ ওপৰত আলোকপাত কৰে । শেষত মঞ্চৰ ‌‌উপদেষ্টা দীপক শৰ্মাই শলাগৰ শৰাই জনাই আমি ইজনে আনজনক, সিজনে ইজনক আগুৱাই নিবৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগে । সকলোৱে একতাৰ এনাজৰি ডাল কপকপিয়া কৰিবলৈ চেষ্টা কৰিব লাগে ।

Post Bottom Ad

Responsive Ads Here