পিতৃৰ স্মৃতি জীয়াই ৰাখিবলৈ পুত্ৰই ৰাইজক উৎসৰ্গিত কৰিলে এটি সুন্দৰ ঘৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ৩ নম্বৰ আমত'লা গাঁৱৰ যুৱক ভূপেন দাসে তেওঁৰ প্ৰয়াত পিতৃ চুৰেন দাসৰ নামত দেওবাৰে গাঁৱৰ ৰাইজ গয়ৰহৰ ৰঙালী বিহুৰ বাবে এটি বৃহৎ আকাৰৰ ঘৰ দান স্বৰূপে দিয়ে । এই উপলক্ষে গাওঁ উন্নয়ন সমিতিৰ সভাপতি ধ্ৰৱ নাৰায়ণ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা । সাংবাদিক বিশ্বজিৎ দাসে আঁত ধৰা সভাখন আৰম্ভ হোৱাৰ পূৰ্বে দাতাৰ মাতৃ তথা চুৰেন দাসৰ সহ ধৰ্মিণী প্ৰভাবালা দাসে এক মাঙ্গলীক অনুষ্ঠানেৰে ফিটা কাটি ঘৰটো মুকলি কৰি দিয়ে । সভাৰ আৰম্ভণিতে গাওঁ উন্নয়ন সমিতিৰ সভাপতি ধ্ৰৱ নাৰায়ণ দাস, আগন্তুক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পবিত্ৰ কুমাৰ দাস, সাধাৰণ সম্পাদক ভূপেন দাস, দাতাৰ পত্নী চন্দ্ৰ প্ৰভা দাস, ভাতৃ হীৰেন দাস, কনিষ্ঠ ভাতৃ জীতেন দাস, উন্নয়ন সমিতিৰ সম্পাদক ভাস্কৰ দাস, দাতাৰ পৰিয়ালৰ সত্য দাসক ফুলাম গামোচা, জাপি,শৰাই, মানপত্ৰ আদিৰে সম্ভাষণ জনোৱা হয় । সভাত ভাষণ প্ৰদান কৰি ভূপেন দাসক উৎসাহ প্ৰদান কৰে গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি সিদ্ধেশ্বৰ দাস, গাওঁবুঢ়া নীলকন্ঠ দাস, জেষ্ঠ নাগৰিক পৰমানন্দ দাস, আলোচনীৰ সম্পাদক ৰঞ্জিত দাস, সাংবাদিক বিশ্বজিৎ দাস, ভগৱান দাস আদিয়ে ভাষণ প্ৰদান কৰে । সভাত দাতা ভূপেন দাসে যিখন গাঁৱত তেওঁৰ জন্ম সেই গাঁওখনৰ বাবে তেওঁ দেহত শক্তি থকালৈকে পাৰ্যমানে সহায় কৰি যোৱাৰ কথা উল্লেখ কৰে । ৰঙালী বিহুৰ পূৰ্বে এই গৃহটো মুকলি কৰি দিয়াত ৰাইজে প্ৰশংসা কৰে দাতাৰ পৰিয়ালক ।