ছয়গাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত পুনৰ ধৰ্ণা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, June 24, 2022

ছয়গাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত পুনৰ ধৰ্ণা

 ছয়গাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত পুনৰ ধৰ্ণা'জনসেৱা লাইভ' ছয়গাঁও, ২৪  জুন : দক্ষিণ কামৰূপৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনস্থ আটাইকেইখন গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আৱণ্টন পোৱা হিতাধিকাৰীৰ তালিকাখন গাঁওসভাত পুনৰীক্ষণ কৰি  চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।প্ৰতিখন গাঁও পঞ্চায়তত অহা সপ্তাহত গাঁওসভা অনুষ্ঠিত হ'ব।ছয়গাঁও আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়া দাসে ছয়গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাশ্যপী কাশ্যপ, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৰোজ সোণোৱাল, আটাইকেইখন পঞ্চায়তৰ সভাপতি আৰু সচিব সকলৰ উপস্থিতি ছয়গাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা দিবলৈ অহা হিতাধিকাৰী সকলৰ আগত এই কথা ঘোষণা কৰে।ইয়াৰ আগতে পঞ্চায়ত প্ৰতিনিধি সকলৰ লগত খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্ৰ বিষয়া আৰু পঞ্চায়ত সচিব সকলৰ এখন সভা অনুষ্ঠিত হৈছিল। এই সভাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাখন চৰকাৰে পুনৰীক্ষণৰ কৰিবলৈ দিয়া নিৰ্দেশৰ পৰ্যালোচনা হৈছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন বিচাৰি অজি পুনৰ  ছয়গাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চাৰি শতাধিক হিতাধিকাৰীয়ে ধৰ্ণা দিয়ে।  যোৱা ২২জুনতো পি এম এ ওৱাইৰ গৃহ নিৰ্মাণৰ ধন বিছাৰি উক্ত কাৰ্যালয়ত একাংশ হিতাধিকাৰীয়ে  ধৰ্ণা দিছিল। উল্লেখ্য যে  ১৪ মে' ত দক্ষিণ কামৰূপৰ ছয়গাঁৱত প্ৰধান মন্ত্ৰী আবাসগৃহৰ  অনুমোদন পত্ৰ লাভ কৰাৰ পিছতো গৃহ নিৰ্মাণৰ বাবে ধন বৰ্তমানলৈ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমোৱা নাই।তাৰ বিপৰীতে গৃহৰ অনুমোদন পত্ৰ লাভ কৰা হিতাধীকাৰী সকলৰ তালিকাখন পুনঃৰিক্ষণ কৰা হ'ব বুলি জানিব পাৰি হিতাধিকাৰী সকল ক্ষুব্ধ হৈ পৰে। সেয়ে গৃহ নিৰ্মাণৰ বাবে ধন বিছাৰি ছয়গাঁও উন্নয়ন খণ্ডৰ কেইবাখনো পঞ্চায়তৰ  প্ৰায়  চাৰি শতাধিক হিতাধিকাৰিয়ে আজিও ছয়গাঁও খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ৰ সন্মুখত ধৰ্ণা দিয়ে।ছয়গাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত গোট খোৱা হিতাধিকাৰী সকলে খণ্ড উন্নয়ন বিষয়া কাশ্যপী কাশ্যপৰ আগত  তেওঁলোকৰ ক্ষোভ ব্যক্ত কৰি গৃহ নিৰ্মাণৰ  বাবে প্ৰাপ্য ধন সোনকালে আদায় দিবলৈ  অনুৰোধ জনায়। আনহাতে খণ্ড উন্নয়ন বিষয়া কাশ্যপী কাশ্যপে জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ হিতাধিকাৰীৰ তালিকাখনত কিছুমান অযোগ্য ব্যক্তিৰ নাম সোমোৱা বুলি অভিযোগ পোৱাৰ পিছত চৰকাৰে এই তালিকাখন পুনৰীক্ষণৰ নিৰ্দেশ দিছে। যদিহে তালিকাখনত অযোগ্য ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে তেতিয়াহ'লে পুনৰীক্ষণৰ পিচত সেই অযোগ্য ব্যক্তি সকলৰ নাম কৰ্তন কৰা হ'ব । তদুপৰি খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে হিতাধিকাৰীৰ নাম কৰ্তন  কৰা বুলি এক ভূৱা অপ -প্ৰচাৰ চলোৱা হৈছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীত বালাসিদ্ধি গাঁৱৰ হিতাধিকাৰী সকলৰ সৈতে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অগপ কৰ্মী পৰশুৰাম দাসেও অংশগ্ৰহণ কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।



Post Bottom Ad

Responsive Ads Here