ছয়গাঁৱত কভিড ভেকচিন ৰ তথ্য পঞ্জীয়ণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত
ছয়গাঁও ২৮ জুলাই : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত কভিড ভেকচিনৰ তথ্য পঞ্জীয়ন ৰ এখনি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ৷ উল্লেখযোগ্য সমগ্ৰ ৰাজ্যজুৰি কভিড ভেকচিন প্ৰদান চলি থকাৰ সময়তে ছয়গাওঁতো স্থানীয় প্ৰশাসনৰ দ্বাৰা এই পক্ৰিয়াত ছয়গাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ কিছু বাচনিভুক্ত শিক্ষকক অংশগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে ৷ বিশেষকৈ বিভিন্ন ভেকচিন প্ৰদান কেন্দ্ৰ সমূহত স্বাস্থ্যকৰ্মীক সহায়ক হোৱাকৈ এনে কিছু শিক্ষকক তথ্য পঞ্জীয়নৰ কামত নিয়োগৰ উদ্দেশ্যৰে আজি ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত ছয়গাওঁৰ ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱাল ,স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰশিক্ষক হিচাপে বি . পি .এম জিন্টি কলিতা ,এ বি পি এম ফাৰুক আলি আৰু ছয়গাঁৱৰ সমাজ সেৱক সুকুমাৰ মেধি উপস্থিত থাকে ৷ সভা খনত ৰাজহ চক্ৰ বিষয়া গৰাকী আৰু সুকুমাৰ মেধিয়ে শিক্ষকসকলক মনোৱল বৃদ্ধি তথা সমাজৰ হেতু অৱদানৰ অৰ্থে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ প্ৰশিক্ষণ শিবিৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা উপস্থিত দুয়োগৰাকী প্ৰশিক্ষকে নিয়োজিত শিক্ষক সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ৷