ছয়গাঁৱত ২৪তম সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, January 8, 2021

ছয়গাঁৱত ২৪তম সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা

ছয়গাঁৱত ২৪তম সদৌ অসম জংগম একাংক  নাট প্ৰতিযোগিতা 


নিউজ ডেস্ক ৰিপোৰ্ট, জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ  ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত অহা ৯ আৰু ১০ জানুৱাৰীত ২৪তম সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। ৯ জানুৱাৰীৰ ৰাতিপুৱা সভাপতি ভাৰত গোস্বামীয়ে জংগমৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছতেবৃক্ষৰোপন কৰিব সমাজকৰ্মী দেৱজিৎ কলিতাই। সেইদিনা সন্ধিয়া ৫-৩০ বজাত শ্ৰদ্ধাঞ্জলি আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে বন্তি প্ৰজ্বলন কৰিব  চলচিত্ৰ পৰিচালিকা ৰীমা দাসে আৰু মূখপত্ৰ উন্মোচন কৰিব ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাজু বৰদলৈয়ে। আনহাতে সন্ধিয়া ৬-৩০ বজাত প্ৰথমদিনাৰ নাট প্ৰতিযোগিতা উদ্বোধন কৰিব ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে।  অন্তিম দিনা ১০ জানুৱাৰীৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব গ্ৰামীণ ছাহাৰাৰ মূখ্য কৰ্যবাহী বিষয়া শৰৎ দাসে। ইয়াৰ পিছতে দ্বিতীয় দিনাৰ নাট প্ৰতিযোগিতা উদ্বোধন কৰিব ৰাভা হাছং শ্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। প্ৰতিযোগিতাৰ প্ৰথম দিনা ৯ জানুৱাৰীত ছয়গাঁৱৰ মণিকাঞ্চন নাট্যগোষ্ঠীৰ নাটক "মানুহ', গুৱাহাটীৰ নিৰ্বাণ থিয়েটাৰৰ নাটক "কা  কা কাউৰী" , ছয়গাঁৱৰ ৰেঙনিৰ নাটক "বিলাপ বন্দনা" ছয়গাঁৱৰ ডেউকা এণ্ড ঝংকাৰ কলাকেন্দ্ৰৰ নাটক " নকওঁ কথাৰ পাক তলকা মাৰি থাক" , আৰু উপৰহালীৰ চাই'ক্লৰমা দি থিয়েটাৰ লেবৰ নাটক "অদৃশ্য অনুভৱ" প্ৰদৰ্শন কৰিব।  ১০ জানুৱাৰীৰ নাট প্ৰতিযোগিতা মালিগাঁও ৰংগৰাগৰ নাটক "জোনটি ওলালে তৰাটি ওলাব", বজালী নাটশালাৰ নাটক "তেজীমলা" , নলবাৰীৰ প্ৰজন্মৰ নাটক "নিংনি" , পাঠশালা নাটমণ্ডলৰ নাটক "বিস্ফোৰণ" ,  অসম নাট্য সন্মিলনৰ কলিয়াবৰ শাখাৰ নাটক "জিন্দেগী ডট কম " , মাৰিগাঁৱৰ সমলয়ৰ নাটক "বান্দৰ এক ওভতনি যাত্ৰা', বোকাখাট নাট্যমন্দিৰৰ নাটক  "যাদুকৰ "  নলবাৰীৰ পাহি ক্ৰিয়েচনৰ নাট "লাখুটি" প্ৰদৰ্শন কৰিব। প্ৰতিযোগিতাৰ অন্তত সেইদিনা ফলাফল সমূহ ঘোষণা কৰাৰ লগতে বঁটা বিতৰণী সভাও অনুষ্ঠিত হ'ব  বুলি  সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিছে।


 

Post Bottom Ad

Responsive Ads Here