৪৫ নং বাঘবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ অধিবক্তা আব্দুল মান্নানৰ সংবাদ মেল - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, January 15, 2021

৪৫ নং বাঘবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ অধিবক্তা আব্দুল মান্নানৰ সংবাদ মেল

৪৫ নং বাঘবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ অধিবক্তা আব্দুল মান্নানৰ সংবাদ মেল 


নগৰবেৰাৰ পৰা আব্দুল হকৰ প্ৰতিবেদন : নগৰবেৰা সাংবাদিক সন্থাৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত সংবাদমেলত  বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ অধিবক্তা আব্দুল মান্নানে কয় প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ পিছত বাঘবৰ সমষ্টিত উন্নয়ন এক প্ৰকাৰ স্থবিৰ হৈ আছে ৷ বৰ্তমানৰ বিধায়ক শ্বেৰমান আলীৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে তেওঁ৷ কিছুদিন ধৰি সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে চলোৱা অভিযানত ৰাইজে বিপুল সহাৰি জনায় বুলিও কয়। সমষ্টিটোৰ মূল সমস্যা গৰাখহনীয়াকে আদি কৰি বিভিন্ন সমস্যাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হব বুলি উল্লেখ কৰে। ছাত্ৰ অৱস্থাৰ পৰা বিভিন্ন সংগংঠনৰ লগত জড়িত আৰু বৰ্তমান বৰপেটা জিলা আদালতত কৰ্মৰত অধিবক্তা তথা প্ৰাক্তন আমছু নেতা গৰাকীয়ে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ সেৱা আগবঢ়াই আছে ৷ কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব দিলে বাঘবৰ সমষ্টিৰ সামগ্ৰীক  উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব লগতে আন এক প্ৰশ্নোত্তৰত কয় অনাগত বিধান সভা নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত প্ৰতিদ্বন্দিতা হব বুলি কয় ৷


 

Post Bottom Ad

Responsive Ads Here