টুইটাৰ ট্রেণ্ডৰ চতুৰ্থত ৰাজ্যিক বিজেপিৰ AssamwithPMModi - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, January 23, 2021

টুইটাৰ ট্রেণ্ডৰ চতুৰ্থত ৰাজ্যিক বিজেপিৰ AssamwithPMModi

টুইটাৰ ট্রেণ্ডৰ চতুৰ্থত ৰাজ্যিক বিজেপিৰ AssamwithPMModi

গুৱাহাটী : ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল জেৰেঙা পথাৰ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জেৰেঙা পথাৰৰ পৰাই সমগ্ৰ অসমবাসীক  সম্বোধন কৰাৰ লগতে ১ লাখ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান কৰে। এই ঐতিহাসিক ক্ষণৰ সময়তেই ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম বিভাগে আন এক সাফল্যতা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণক লৈ ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম বিভাগে AssamwithPMModi নামেৰ টুইটেৰে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ টুইটাৰ ট্রেণ্ডিঙৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিৰ যোগে ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম বিভাগে অৱগত কৰে যে, অসমৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি তথা ৰাজ্যিক বিজেপিৰ বুথ, মণ্ডল , জিলা তথা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকর্তা সকলৰ সহযোগত #AssamwithPMModi টুইট ৰাষ্ট্ৰীয় পৰ্যায়ত ৫৭,০০০ ৰো অধিক টুইট লাভ কৰি ট্রেণ্ডিঙৰ ক্ষেত্ৰত চতুৰ্থ স্থান লাভ কৰিছে লগতে ভাৰতীয় জনতা পাৰ্টি সামাজিক মাধ্যম কোষৰ উত্তৰ পূৱৰ তত্বাৱধায়ক শান্তনু কলিতা আৰু ভাৰতীয় জনতা পাৰ্টি সামাজিক মাধ্যম কোষ অসম প্ৰদেশৰ আহ্বায়ক পলাশ লাহনে  এই পদক্ষেপ সফল কৰি তোলাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা প্ৰতিজন অসমবাসী তথা দলৰ কাৰ্যকর্তাক ধন্যবাদ জনাইছে বুলি সদৰী কৰিছে।


Post Bottom Ad

Responsive Ads Here