মহিমাৰীত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
ছয়গাঁও : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত গৰৈমাৰীৰ মহিমাৰীত শুক্ৰবাৰে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়া লক্ষেশ্বৰ দাসে এক গোপন খবৰৰ ভিত্তিত আজি দিনৰ প্ৰায় ১১ বজাত বন সুৰক্ষা কাৰ্যালয়ৰ বন কৰ্মীৰ সৈতে গৰৈমাৰীৰ মহিমাৰীত অবৈধ চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই ৩০ ৰ পৰা ৪০ টা শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত শাল গছৰ কুণ্ডা কেইটাৰ বজাৰ মূল্য প্ৰায় দেৰ লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে । উল্লেখ্য যে চোৰাং কাঠ বেপাৰীয়ে নিশা মহিমাৰীৰ এঘৰ মানুহৰ বাৰীৰ পিছফালে এই কাঠৰ কুণ্ডা কেইটা পেলাই থৈ গৈছিল । আজি ৰাতিপুৱা বাৰিৰ পিছ ফালে এই চোৰাং কাঠ দেখি ওচৰৰ কোনো লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগে উক্ত স্থানলৈ গৈ চোৰাং কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠ খিনি বন বিভাগে বামুনীগাও বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ।