বকোত পাতিৰাভা আৰু অসমীয়া ভাষা সংমিশ্ৰণ ভি ডি ও গীতৰ এলবাম " টুৰুত টুৰুত " মুকলি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, December 26, 2020

বকোত পাতিৰাভা আৰু অসমীয়া ভাষা সংমিশ্ৰণ ভি ডি ও গীতৰ এলবাম " টুৰুত টুৰুত " মুকলি

 বকোত পাতিৰাভা আৰু অসমীয়া ভাষা সংমিশ্ৰণ ভি ডি ও গীতৰ এলবাম " টুৰুত টুৰুত " মুকলি


বকোৰ পৰা বিষ্ণু ৰাম দাসৰ প্ৰতিবেদন : থাপনাত সৃষ্টিৰ অঞ্জলি যাচি শিল্পী সত্তাৰ পৰিচয় তুলি ধৰি শনিবাৰে সন্ধিয়া  কামৰূপ জিলাৰ বকোত মুকলি কৰা হ'ল পাতিৰাভা আৰু অসমীয়া ভাষা সংমিশ্ৰণ থকা ৰোমান্তিক ভি ডি ও গীতৰ এলবাম এটি। বকো অঞ্চলৰ নৱ প্ৰজন্মৰ আধুনিক শিল্পী উদীয়মান গায়িকা লিজু ৰাণী প্ৰডাক্সনৰ বেনাৰত লিজু ৰাণী আৰু সু কণ্ঠশিল্পী কুমাৰ তপনৰ কণ্ঠদান কৰা টুৰুত টুৰুত নামৰ ভি ডি ও গীতৰ ৰোমান্তিক এলবাম এটি আনুষ্ঠানিক শুভ উন্মোচন কৰে শিল্পী মুনমুনি - লিজুৰাণী আৰু কুমাৰ তপনে। টুৰুত টুৰুত নামৰ ভি ডি ও এলবামত বহু কেইজন স্থানীয় নতুন শিল্পীয়ে অভিনয় কৰাৰ উপৰিও বকো অঞ্চলৰ ভিন্ন প্ৰান্তত মনোমোহা দৃশ্য গ্ৰহণ কৰা হৈছে। আজি ভি ডি ও গীতৰ এলবাম মুকলি অনুস্থানত উপস্থিত থাকে শিল্পী তথা জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ অধ্যক্ষ আৰু ভি ডি ও টোৰ নৃত্য ক'ৰিওগ্ৰাফাৰ মনোজ মন ; শিল্পী লিজুৰাণী আৰু কুমাৰ তপন ; শিল্পী মেকজিক মোহন ; হেমন্ত ৰাভা ; দিগন্ত ৰাভা আৰু জ্যেষ্ঠ সাংবাদিক দিগন্ত বৈদ্য অতিথি, বিশিষ্ট যাদুকৰ বাবুল আলী বহু কেইজন বিশিষ্ট শিল্পী তথা সমাজ কৰ্মী।
Attachments area


Post Bottom Ad

Responsive Ads Here